শীৰ্ষ বাতৰি

বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ডঃ স্থানীয় লোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ সোণোৱালৰ

Sentinel Digital Desk

বাঘজান তৈল ক্ষেত্ৰৰ অগ্নিকাণ্ডঃপেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানৰে টেলিফোনিক বাৰ্তালাপ সোণোৱালৰ

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰত আজি পুনৰ সূত্ৰপাত ঘটা ভয়াবহ অগ্নিকাণ্ডৰ পৰা স্থানীয় লোকৰ জীৱন-সম্পত্তিৰ সুৰক্ষা নিশ্চিত কৰিবলৈ তিনিচুকীয়া জিলা প্ৰশাসনলৈ নিৰ্দেশ জাৰি কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তৈল ক্ষেত্ৰত পাঁচ নম্বৰ খাদত সূত্ৰপাত ঘটা এই অগ্নিকাণ্ডৰ পাছতে সোণোৱালে পৰিস্থিতিৰ বুজ লয় ৷ পৰিস্থিতিক লৈ তেওঁ পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানলৈও ফোন কৰি আলোচনাত মিলিত হয় ৷ আলোচনাকালত মুখ্যমন্ত্ৰীয়ে পেট্ৰ'লিয়াম মন্ত্ৰী প্ৰধানক যথাসম্ভৱ শীঘ্ৰে সমস্যাটো সমাধানৰ পদক্ষেপ ল'বলৈ অনুৰোধ জনায় ৷ মুখ্যমন্ত্ৰীয়ে লগতে তিনিচুকীয়া জিলা প্ৰশাসনক স্থানীয় লোকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে ৷

উল্লেখ্য যে অইল ইণ্ডিয়া নিগমৰ অধীনৰ এই তৈল ক্ষেত্ৰত যোৱা ২৭মে'তো এক বিধ্বংসী অধিকাণ্ডৰ সূত্ৰপাত ঘটিছিল। এই অগ্নিকাণ্ডৰ ফুটেজত জুয়ে ভয়াৱহ ৰূপ লোৱা দেখা গৈছে । ২৭মে'ৰ অগ্নিকাণ্ডৰ ফলত তৈলক্ষেত্ৰখনৰ পৰা প্ৰচুৰ তেল আৰু গেছ নিৰ্গত হয়। আনহাতে, কালি ৮জুনত অইল ইণ্ডিয়া লিমিটেডে এক বিবৃতিত কয় যে তৈলক্ষেত্ৰখনৰ পৰা নিৰ্গত তেল আৰু গেছৰ ফুটা মৰাৰ চেষ্টা কৰা হৈছে ৷ দেশ-বিদেশৰ বিশেষজ্ঞ আহিছে ৷ দুলীয়াজানত অইলৰ এখন বিশেষ সভাও অনুষ্ঠিত হৈছে ৷ ইপিনে, ছিংগাপুৰৰ এটা বিশেষজ্ঞৰ দলো উপস্থিত হয় ৷ এই বিশেষজ্ঞসকল হৈছে ছিংগাপুৰস্থিত মেছাৰ্ছ ডিজেষ্টাৰ কণ্ট্ৰ'লৰ ৷ অইল ইণ্ডিয়াৰ অনুৰোধ মৰ্মে প্ৰতিষ্ঠানখনে প্ৰেৰণ কৰা বিশেষজ্ঞৰ দলটোত আছে মাইকেল আৰ্ণেষ্ট (জ্যেষ্ঠ খাদ বিশেষজ্ঞ), ক্ৰেইগ নেল ডানকান(খাদ নিয়ন্ত্ৰণ অভিযন্তা) আৰু এডৱাৰ্ড হেৰিছ মেকল'ড ( জ্যেষ্ঠ খাদ নিয়ন্ত্ৰণ বিশেষজ্ঞ) ৷ ইতিমধ্যে অইল ইণ্ডিয়াৰ শীৰ্ষ বিষয়াবৰ্গ বিশেষজ্ঞ দলটোৰ সৈতে আলোচনাত মিলিত হৈছে ৷