শীৰ্ষ বাতৰি

ক'ৰ'নাঃ অল ইণ্ডিয়া বাৰ কাউন্সিলৰ পৰীক্ষা স্থগিত

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্থগিত হৈছে এইবাৰৰ অল ইণ্ডিয়া বাৰ কাউন্সিলৰ পৰীক্ষা। উল্লেখ্য যে অহা ১৬ আগষ্টত অল ইণ্ডিয়া বাৰ কাউন্সিলৰ পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। সম্প্ৰতি এই পৰীক্ষা স্থগিত হোৱাৰ কথা ঘোষণা কৰিছে দ্য বাৰ কাউন্সিল অৱ ইণ্ডিয়াই। কেৱল সেয়াই এই পৰীক্ষাৰ আবেদন গ্ৰহণৰ অন্তিম তাৰিখো বাৰ কাউন্সিলে অহা ৩০ আগষ্টলৈ বৃদ্ধি কৰিছে।

এই কথা সদৰী কৰি বাৰ কাউন্সিলে এক বিবৃতিত কয়, " বৰ্তমানৰ মহামীৰজনিত পৰিস্থিতি, সঘন লক-ডাউন আৰু নিতৌ ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বাৰ কাউন্সিলে অহা ১৬ আগষ্টত অনুষ্ঠিত হ'বলগা অল ইণ্ডিয়া বাৰ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অহা ৩১ আগষ্টলৈকে আবেদন গ্ৰহণৰ দিন বৃদ্ধি কৰিছে"। উল্লেখ্য যে অধিবক্তাৰূপে নিয়োজিত হবলৈ বিচৰাসকলে বাৰ কাউন্সিলৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'বলগা হয়।