শীৰ্ষ বাতৰি

শোণিতপুৰৰ বিজুলী প্ৰসাদ সবাতোকৈ বয়স্ক এছিয়া প্ৰজাতিৰ হস্তী

Sentinel Digital Desk

সম্ভৱতঃ বহুতেই নাজানে যে এছিয়া প্ৰজাতিৰ সবাতোকৈ বয়স্ক হাতীটোৱে অসমৰ শোণিতপুৰ জিলাত বাস কৰে। সম্প্ৰতি ৮৬ বছৰীয়া এই হাতীটোৰ বাসস্থলী হৈছে শোণিতপুৰৰ কিছুসংখ্যক চাহ বাগিচা। এই কথা সদৰী কৰি পদ্মশ্ৰী বঁটাপ্ৰাপ্ত হস্তী বিশেষজ্ঞ ডাঃ কুশল কোঁৱৰ শৰ্মাই সাংবাদিকক কয় যে এই অতি বয়স্ক হাতীটোৰ নাম হৈছে বিজুলী প্ৰসাদ। হাতীটোক এই নাম দিছিল ইংলেণ্ডৰ অলিভাৰ চাহাবে। হাতীটো ক্ৰয় কৰিছিল অসমৰ মেগৰ চাহ বাগিচাই।

অতি বয়স্ক হোৱা সত্বেও বিজুলী প্ৰসাদৰ শাৰীৰিক গঠন সবল আৰু স্বাস্থ্য অটুত আছে। সম্প্ৰতি বিজুলী প্ৰসাদ বিহালী চাহ বাগিচাত আছে। ২০১৮-ত বিজুলী প্ৰসাদক বৰগাং বাগিচাৰ পৰা বিহালী বাগিচালৈ নিয়া হয়। ১৯৬৮-ত বৰগাং বাগিচাই গছৰ মূঢ়া উভলাৰ বাবে ক্ৰয় কৰিছিল। সম্প্ৰতি এই অতি বয়স্ক হাতীটোৱে বিহালী বাগিচাত ৰাজকীয় জীৱন কটাই আছে। খাদ্য হিচাপে তাক নিতৌ ২৫ কিলোগ্ৰম চাউল আৰু সম পৰিমাণৰ গুৰ, গোমধান আদি দিয়া হয়।