শীৰ্ষ বাতৰি

মহাৰাষ্ট্ৰৰ এম.এল.চি. নিৰ্বাচনত বিজেপিয়ে আসন জিকিছে ৫খন; এন.চি.পি., শিৱসেনা ২ টাকৈ

Sentinel Digital Desk

মুম্বাইঃ ভাৰতীয় জনতা পাৰ্টীয়ে সোমবাৰে মহাৰাষ্ট্ৰৰ দহখন বিধান পৰিষদৰ আসনৰ পাঁচখন আসন লাভ কৰাৰ উপৰিও মহা বিকাশ আগদীয়ে (এম.ভি,.এ.) দখল কৰিবলৈ সক্ষম হয় পাঁচখন আসন।

পাঁচখন আসনৰ ভিতৰত নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এন.চি.পি.) আৰু শিৱসেনাই দুখনকৈ আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে এখন আসন দখল কৰিবলৈ সক্ষম হয়।

বিজেপিৰ পৰা প্ৰবীণ দাৰেকাৰ, ৰাম শিন্দে, শ্ৰীকান্ত ভাৰতীয়, উমা খাপ্ৰে আৰু প্ৰসাদ লাডে বিজয় পঞ্জীয়ন কৰিছিল আনহাতে শিৱসেনাৰ পৰা শচীন আহিৰ আৰু আমছা পদৱীয়ে জয়লাভ কৰিছিল।

আনহাতে, এন.চি.পি.ৰ একনাথ খাদছে আৰু ৰামৰাজে নায়েক নিম্বালকাৰে তেওঁলোকৰ আসন সুৰক্ষিত কৰে। কংগ্ৰেছৰ পৰা, জয়ী হয় জগতাপ।

এম.ভি.এ.ৰ অংশ হোৱা শিৱসেনা, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (এন.চি.পি.) আৰু কংগ্ৰেছে দুজনকৈ প্ৰাৰ্থী প্ৰদান কৰে, আনহাতে বিজেপিয়ে পাঁচজন কৈ প্ৰাৰ্থীক টিকট দিয়ে।

বিধান পৰিষদৰ নজন সদস্যৰ কাৰ্যকাল ৭ জুলাইত শেষ হ'ব।

এজন বিজেপি সদস্যৰ মৃত্যুৰ বাবে এই বছৰৰ আৰম্ভণিতে দশম আসনৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। মুঠ ১১ জন প্ৰাৰ্থীয়ে এই ১০ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল।

বিধান পৰিষদৰ নিৰ্বাচনত গোপন ভোটদানৰ জৰিয়তে ভোটদান কৰা হৈছিল, যাৰ বাবে ক্ৰছ-ভোটিংৰ সম্ভাৱনাও বৃদ্ধি পাইছে।

ৰাজ্যসভা নিৰ্বাচনত, সদস্যসকলে তেওঁলোকৰ নিজ নিজ দলৰ কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিক তেওঁলোকৰ বেলট পেপাৰ প্ৰদৰ্শন কৰিব লাগিব, কিন্তু বিধান পৰিষদৰ নিৰ্বাচনত, বেলট পেপাৰ গোপন ৰখা হৈছিল, যাৰ বাবে 'ক্ৰছ ভোটিং'ৰ সম্ভাৱনা আছে।

ইফালে, উচ্চতম ন্যায়ালয়ে কাৰাগাৰৰ পৰা মুকলি কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে ভোট দান কৰিব নোৱাৰিলে এন.চি.পি. নেতা নৱাব মালিক আৰু অনিল দেশমুখে।