শীৰ্ষ বাতৰি

ক'ৰ'না পজিটিভ হ'ল বিশ্বৰ দ্ৰুততম মানব উছেইন বল্ট

বল্টে নিজৰ ৩৪ সংখ্যক জন্মদিন পালন কৰে। জন্মদিনৰ পাৰ্টীত তেওঁ মাস্ক পৰিধান নকৰাকৈয়ে বন্ধুবৰ্গৰ সৈতে অংশগ্ৰহণ কৰে

Sentinel Digital Desk

বিশ্বৰ দ্ৰ্ৰুততম পুৰুষৰূপে খ্যাত দৌৰবিদ উছেইন বল্টৰ শৰীৰত ধৰা পৰিছে মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি। প্ৰাপ্ত তথ্য অনুসৰি আঠবাৰৰ অলিম্পিকত সোণৰ পদকপ্ৰাপ্ত বল্টে নিজেই এটা ভিডিঅ সামাজিক মাধ্যমত আপলোড কৰি ক'ৰ'না পজিটিভ হোৱাৰ কথা প্ৰকাশ কৰিছে।

উল্লেখ্য যে প্ৰায় এসপ্তাহ পূৰ্বে বল্টে নিজৰ ৩৪ সংখ্যক জন্মদিন পালন কৰে। জন্মদিনৰ পাৰ্টীত তেওঁ মাস্ক পৰিধান নকৰাকৈয়ে বন্ধুবৰ্গৰ সৈতে অংশগ্ৰহণ কৰে। ইয়াৰ পাছতে তেওঁ ক'ৰ'না পৰীক্ষা কৰায়। এই পৰীক্ষাত তেওঁৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।