শীৰ্ষ বাতৰি

চি বি এছ ইৰ দশম শ্ৰেণীৰ চূড়ান্তৰ ফলাফল, কেনেদৰে চাব পাৰিব

Sentinel Digital Desk

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব'ৰ্ডে আজি বুধবাৰে দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। ছাত্ৰ-ছাত্ৰী তথা তেওঁলোকৰ অভিভাৱক—অভিভাৱিকাসকলৰ অধীৰ উত্কণ্ঠাৰ অৱসান ঘটাই এই পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। নিম্নোক্ত ৱেবছাইটসমূহত এই পৰীক্ষাৰ ফলাফলসমূহ চাব পাৰিব।

১) cbse.nic.in

২)cbseresults.nic.in

৩) results.nic.in

তদুপৰি এছ এম এছযোগেও ইয়াৰ ফলাফল লাভ কৰিব পাৰিব। ইয়াৰ বাবে 'CBSE10 টাইপ কৰি কিছু খালী ঠাই ৰাখি এডমিট কাৰ্ডৰ আই ডি লিখি 77382-99899লৈ এছ এম এছ প্ৰেৰণ কৰিব লাগিব।  উল্লেখ্য যে যোৱা মাৰ্চত এই পৰীক্ষা অনুষ্ঠিত হয়। ক'ৰ'না মহামাৰীৰ প্ৰাদুৰ্ভাবৰ বাবে ফলাফল ঘোষণাত কিছু পলম হয়।