শীৰ্ষ বাতৰি

ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ পোষকতা কেন্দ্ৰৰঃ উচ্চতম ন্যায়ালয়ত আবেদন

আবেদনত কেন্দ্ৰই আৰ্জি পেচ কৰিছে যে ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ বিষয়টো কেন্দ্ৰই পৰীক্ষা কৰিবই লাগিবই ।

Sentinel Digital Desk

প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰা ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ পোষকতা কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ পোষকতাৰে কেন্দ্ৰই উচ্চতম ন্যায়ালয়তো আবেদন জনাইছে। এই আবেদনত কেন্দ্ৰই আৰ্জি পেচ কৰিছে যে ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ বিষয়টো কেন্দ্ৰই পৰীক্ষা কৰিবই লাগিবই ৷ কাৰণ ডিজিটেল মিডিয়াৰ প্ৰভাৱ অধিক আৰু মানুহৰ ওচৰলৈ বাৰ্তা বিয়পাই নিয়াৰ ক্ষমতা আছে ৷ আজি ন্যায়ালয়ে বৈদ্যুতিন মাধ্যমৰ বাবে নিয়ম বান্ধি দিয়া সম্পৰ্কত শুনানী গ্ৰহণ কৰে ৷

কিন্তু কেন্দ্ৰই বৈদ্যুতিন মাধ্যমক নিয়ন্ত্ৰণৰ পূৰ্বে ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ পোষকতা কৰি এখন শপতনামাযোগে ন্যায়ালয়ক আবেদন জনাই কয়, " ডিজিটেল মিডিয়া মানুহৰ ওচৰলৈ দ্ৰুততৰে যায়। ৱাটছএপ আৰু ফে'চবুকৰ জৰিয়তে ভাইৰেল হোৱাৰ ক্ষমতা থাকে ৷ ইয়াৰ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়ালয়ে ডিজিটেল মিডিয়াক নিয়ন্ত্ৰণৰ বিষয়টো পৰীক্ষা কৰাৰ প্ৰয়োজন হৈছে ৷" ন্যায়ালয়ে আজি সুদৰ্শন টিভিৰ বিতৰ্কৰ শুনানী গ্ৰহণ কৰে।