শীৰ্ষ বাতৰি

ক'ৰ'না মহামাৰীৰ সৈতে যুঁজঃ অসমলৈ ৬৩১ কোটি টকা মুকলি কেন্দ্ৰৰ

Sentinel Digital Desk

ক'ৰ'না মহামাৰীৰ সৈতে যুঁজ দিবলৈ কেন্দ্ৰই অসমলৈ ৬৩১ কোটি টকা মোকলাই দিছে। পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শাৱলীৰ ভিত্তিত ৰাজহ অনুদান ঘাটিৰ শিতানত কেন্দ্ৰই ১৪ খন ৰাজ্যলৈ ৬,১৯৫ কোটি টকা মুকলি কৰিছে। ইয়াৰে ৬১৩ কোটি টকা অসমলৈ মুকলি কৰি দিয়া হৈছে। এই ধন হৈছে উক্ত শিতানত এই ৰাজ্যসমূহে কেন্দ্ৰ পৰা পাবলগীয়া পঞ্চমটো কিস্তিৰ ধন।

এই কথা সদৰী কৰি এটা টুইটত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়, " ২০২০ৰ ১১ আগষ্টত চৰকাৰে ১৪ খন ৰাজ্যলৈ ৬,১৯৫.০৮কোটি টকা মুকলি কৰি দিয়ে। ক'ৰ'না সংকট মোচনত ৰাজ্যকেইখনক এই ধনে সহায় কৰিব।" কেন্দ্ৰৰ এই ধন লাভ কৰা আনকেইখন ৰাজ্যৰ অন্যতম হৈছে অন্ধ্ৰ প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিমবংগ, তামিলনাডু, মণিপুৰ, মিজোৰাম আদি।