শীৰ্ষ বাতৰি

পথ দুৰ্ঘটনাত মৃতৰ মৃত্যুৰ প্ৰমাণপত্ৰ মৃতকৰ ঘৰত দিব লাগিব আৰক্ষীয়ে

Sentinel Digital Desk

এতিয়াৰে পৰা পথ দুৰ্ঘটনাত মৃত ব্যক্তিৰ ঘৰলৈ গৈ সংশ্লিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া (অ' চি)-ই ব্যক্তিজনৰ মৃত্যুৰ প্ৰমাণপত্ৰ নিকটাত্মীয়ক দিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশ জাৰি কৰিছে। পূৰ্বে পথ দুৰ্ঘটনাত মৃত ব্যক্তিৰ মৃত্যুৰ প্ৰমাণপত্ৰ ব্যক্তিজনৰ নিকটাত্মীয়ই আৰক্ষী থানাৰ পৰা সংগ্ৰহ কৰিবলগীয়া হয়।

মনত পোৱা আঘাতৰ মাজতে এনে কৰিবলগীয়া হোৱাত একোজন পথ দুৰ্ঘটনাত মৃত ব্যক্তিৰ আত্মীয়-স্বজন অধিক ভাৰাক্ৰান্ত হৈ পৰে ৷ মুখ্যমন্ত্ৰী শৰ্মাই এনে ব্যক্তিসকলক সকাহ দিয়াৰ উদ্দেশ্য আজি এই কথা ঘোষণা কৰে ৷

কোনো ভাৰপ্ৰাপ্ত বিষয়াই নিৰ্দেশ অমান্য কৰিলে ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীয়ে ৷ আৰক্ষী বিষয়াসকলক মৃতকক সন্মাই জনাবলৈও তেওঁ নিৰ্দেশ দিয়ে। কোনো আৰক্ষী বিষয়াই নিৰ্দেশ অমান্য কৰিলে তেনে বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দি তেওঁ কয়, "  আমি আলহী-অতিথিক কেনেদৰে ৰাখিব লাগে, সেয়া জানো।"