শীৰ্ষ বাতৰি

গুৱাহাটীত আন-ল'কঃ ৰাইজৰ মত বিচাৰিছে ৰাজ্য চৰকাৰে

Sentinel Digital Desk

গুৱাহাটীত পৰ্যায় ভিত্তিত ৰাজ্য চৰকাৰে তলাবন্ধ প্ৰত্যাহাৰ কৰিব বুলি কালি বৃহস্পতিবাৰে এখন সংবাদমেলত প্ৰকাশ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে গুৱাহাটীত হ'বলগা প্ৰথম পৰ্যায়ৰ তলাবন্ধ(আন-ল'ক-১) সম্পৰ্কত ৰাইজৰ মতামত বিচাৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই টুইট কৰে। এই টুইটৰ পাছতে বহুজনে মুখ্য সচিব তথা ৰাজ্য চৰকাৰক উদ্দেশ্যি টুইট কৰে।ইয়াৰ পূৰ্বে টুইটোত মুখ্য সচিবে কয়, " অসমত বিশেষকৈ গুৱাহাটীত ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটীত হ'বলগা আনল'ক-১ সম্পৰ্কে আপোনাৰ মতামত কি?" মুখ্য সচিবৰ এই টুইটৰ প্ৰত্যুত্তৰত এজন লোকে কয় যে লক-ডাউনে সাধাৰণ লোকৰ জীৱনযাত্ৰা জটিল কৰি তুলিছে। লক-ডাউনৰ ফলত বহুলোক অনাহাৰে মৃত্যুমুখত পৰাৰ আশংকা তেওঁ ব্যক্ত কৰে।

আন এজন টুইটাৰ ব্যৱহাৰকাৰী শচীন জৈনে কয় যে চৰকাৰে সাধাৰণ লোকৰ মতামত গ্ৰহণ নকৰাকৈ লকডাউন আৰোপ কৰিছে। এই লকডাউনে সাধাৰণ লোকৰ আৰ্থিক সমস্যা বৃদ্ধি কৰিছে বুলিও তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে আজিলৈকে চৰকাৰে নিজৰ খেয়াল-খুচি অনুসৰি তলাবন্ধ আৰোপ কৰিছে। গতিকে এতিয়া ৰাইজৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তা ক'ত বুলি তেওঁ প্ৰশ্ন কৰে। অৱশ্যে একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে তলাবন্ধ বাহাল ৰখাৰ পোষকতা কৰে।