শীৰ্ষ বাতৰি

ক'ৰ'নাৰ সংক্ৰমণঃ শিশুৰ ক্ষেত্ৰত কাহৰ জড়িয়তে আৰম্ভ নহ'বও পাৰে

Sentinel Digital Desk

ক'ৰ'নাৰ সংক্ৰমণঃ শিশুৰ ক্ষেত্ৰত কাহৰ জড়িয়তে আৰম্ভ নহ'বও পাৰে

ক'ৰ'না ভাইৰাচে শৰীৰত খোপনি পোতাৰ লক্ষণসমূহৰ অন্যতম হ'ল প্ৰচণ্ড জ্বৰ, কাহ আদি। কিন্তু শেহতীয়া এক গৱেষণাত পোহৰলৈ অহা তথ্য অনুসৰি শিশুৰ ক্ষেত্ৰত কাহৰ জড়িয়তে ক'ৰ'না ভাইৰাছ সংক্ৰমণ আৰম্ভ নহবও পাৰে। এনে এক তথ্য প্ৰকাশ কৰিছে চীনৰ উহানৰ বিশেষজ্ঞ চিকিত্সক ৱেনবিন লাইয়ে।  আনহাতে,, কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা  অনুসৰি এই পৰ্যন্ত দেশত ৭৪,২৮১ গৰাকী লোক ক'ৰ'নাত আক্ৰান্ত হৈছে।আনহাতে.

তদুপৰি দুই লহস্ৰাধিক  লোক ক'ৰ'নাৰ বাবে মৃত্যুমুখত পৰিছে। ইপিনে,  এই পৰ্যন্ত ২২ হাজাৰৰো অধিক লোক এই ৰোগ বিধৰ পৰা সুস্থ হৈ উঠিছে।

ক'ৰ'নাই দেশৰ ভিতৰত সৰ্বাধিক প্ৰভাৱ পেলোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত এই পৰ্যন্ত ২৪ হাজাৰৰো অধিক লোক ক২ৰ'নাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ৯২১ গৰাকী লোকৰ।

আনহাতে দিল্লীত ৭৬৩৯ গৰাকী লোক ক'ৰ'নাত আক্ৰান্ত হৈছে আৰু ৮৬ গৰাকী লোকৰ মৃত্যু হৈছে।

ইফালে বিশ্বজুৰি ৪৩,১০,৪৩৬ গৰাকী লোক এই ভাইৰাছবিধৰ কৱলত পৰিছে। মৃত্যু হৈছে ২,৯১,৯৪২ গৰাকী লোকৰ।