শীৰ্ষ বাতৰি

দালাই লামাৰ শ্ৰীলংকা ভ্ৰমণৰ বিৰোধীতা চীনৰ

Sentinel Digital Desk

কলম্বোঃ শ্ৰীলংকাৰ ঋণৰ পুনৰ্গঠনৰ ইতিবাচক খবৰ প্ৰেৰণ কৰাৰ সময়তে চীনে বৌদ্ধ প্ৰধান দেশখনলৈ দালাই লামাৰ ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে। কলম্বোত থকা চীনৰ দূতাবাসৰ এটা শীৰ্ষ পৰ্যায়ৰ প্ৰতিনিধি দলে দেশখনৰ অন্যতম প্ৰভাৱশালী বৌদ্ধ অধ্যায়ৰ মুৰব্বী সন্ন্যাসীক সাক্ষাৎ কৰি কয় যে ভাৰতত নিৰ্বাসিত তিব্বতৰ আধ্যাত্মিক নেতাজনক যিকোনো বিদেশী দেশে গ্ৰহণ কৰাৰ তীব্ৰ বিৰোধিতা কৰে চীনে।

মালৱাথু অধ্যায়ৰ মুখ্য প্ৰেলেট মষ্ট ভেনেৰেবল থিব্বাটুৱাৱে শ্ৰী সিদ্ধাৰ্থ সুমংগলা থেৰ'ৰ ওচৰলৈ যোৱা চীনৰ চাৰ্জ ডি এফেয়াৰ্ছ হু ৱেইয়ে তেওঁক কয় যে চীনে চতুৰ্দশ দালাই লামাৰ শ্ৰীলংকা ভ্ৰমণৰ উদ্দেশ্যৰ তীব্ৰ বিৰোধিতা কৰিছে।

তিব্বত স্বায়ত্তশাসিত অঞ্চলকে ধৰি চীনৰ চৰকাৰ আৰু জনসাধাৰণে যিকোনো বিদেশী দেশে দালাই লামাক গ্ৰহণ কৰাৰ তীব্ৰ বিৰোধিতা কৰে, কাৰণ ১৪ নং দালাই লামা তেওঁ স্বয়ং দাবী কৰা ধৰণে একেবাৰেই 'সৰল সন্ন্যাসী' নহয়। ১৯৫১ চনৰ আগতে তিব্বতত সামন্তীয় দাসত্ব আৰু ঈশ্বৰতন্ত্ৰ, দীৰ্ঘদিন ধৰি চীন বিৰোধী বিচ্ছিন্নতাবাদী কাৰ্যকলাপত লিপ্ত হোৱা আৰু চীনৰ পৰা তিব্বতক বিভাজিত কৰাৰ চেষ্টা কৰা ধৰ্মীয় ব্যক্তিৰ বেশত ৰাজনৈতিক নিৰ্বাসন।'- চীনৰ দূতাবাসৰ এক বিবৃতিত হুৰ উদ্ধৃতিৰে কোৱা হৈছে।

হুৱে জোৰ দি কয় যে চীন আৰু শ্ৰীলংকাই তিব্বত সম্পৰ্কীয় বিষয়টোকে ধৰি ইজনে সিজনৰ মূল স্বাৰ্থ সম্পৰ্কীয় বিষয়সমূহত ইজনে সিজনক দৃঢ়ভাৱে সমৰ্থন কৰি আহিছে। দুয়োপক্ষই বিশেষকৈ বৌদ্ধ সম্প্ৰদায়ে 'তিব্বতী স্বাধীনতা'ৰ প্ৰসাৰৰ বাবে দলাই লামাৰ দ্বীপটোলৈ ভ্ৰমণ ৰোধ কৰিব লাগিব আৰু চীন-শ্ৰীলংকাৰ ঐতিহাসিক সম্পৰ্কক ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা কৰিব লাগিব।' তেওঁ লগতে কয়।কেইবাজনো সন্ন্যাসীয়ে দলাই লামাক দ্বীপটো ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ উৰাবাতৰিৰ ওপৰত মন্তব্য কৰি মুখ্য প্ৰেলেটে চীন শ্ৰীলংকাৰ ঘনিষ্ঠ বন্ধু বুলি জোৰ দিয়ে। চীনৰ সৈতে আমাৰ সম্পৰ্কত আঘাত হ'ব নালাগে। শ্ৰীলংকাৰ অৰ্থনীতিৰ উত্থানৰ বাবে চীনে আগবঢ়োৱা অৱদানৰ গুৰুত্ব চৰকাৰেও বুজি পোৱাটো ভাল।'- চীনৰ দূতাবাসৰ বিবৃতিত কোৱা হৈছে।

যোৱা ২৭ ডিচেম্বৰত ভাৰতৰ বোধগয়াত দালাই লামাক লগ পোৱা আন এটা বৌদ্ধ অধ্যায়ৰ মুখ্য প্ৰেলেট ৰমন্না, মষ্ট ভেন মাকুলেৱে উইমালা মহানায়কে থেৰ'কে ধৰি জ্যেষ্ঠ বৌদ্ধ সন্ন্যাসীৰ এটা দলে তেওঁক শ্ৰীলংকা ভ্ৰমণলৈ আমন্ত্ৰণ জনাইছে ।