শীৰ্ষ বাতৰি

গাড়ীচালকৰ অনলাইন অনুজ্ঞাপত্ৰ নবীকৰণৰ সেৱা মুকলি মুখ্যমন্ত্ৰী শৰ্মাৰ

Sentinel Digital Desk

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গাড়ীচালকৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে এটা অনলাইন সেৱা মুকলি কৰে ৷ ফলত এতিয়াৰে পৰা চালকৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে জিলা পৰিবহণ বিষয়া ( ডি টি অ') কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নহ'ব ৷ অনুষ্ঠানত ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে এই ব্যৱস্থা মুকলিৰ ফলত অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে মানুহে ডি টি অ' কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নহ'ব ৷ ঘৰত বহি থাকিয়েই অনলাইনত অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে আবেদন জনাব পাৰিব ৷ একেদৰে ডি টি অ'ই অনুজ্ঞাপত্ৰত ডিজিটেল স্বাক্ষৰ কৰিব ৷

তেওঁ কয় যে ৰাজ্যৰ এখন জিলাৰ মানুহে ৰাজ্যৰ আন এখন জিলাৰ ডি টি অ' কাৰ্যালয়তো অনুজ্ঞাপত্ৰ নবীকৰণৰ বাবে অনলাইন আবেদন জনাব পাৰিব ৷ " আমি শিকাৰু অনুজ্ঞাপত্ৰৰ বাবে মুকলি কৰা ব্যৱস্থাৰ প্ৰতি ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিলো ৷ লক্ষাধিক লোকে অনলাইন লাৰ্ণাৰ লাইচেঞ্চৰ বাবে আবেদন জনালে ৷ ইচ্ছ্যু কৰা লাৰ্ণাৰ লাইচেঞ্চৰ সংখ্যা বৃদ্ধি পালে। ইয়ে ৰাজহৰ পৰিমাণো বৃদ্ধি কৰে আৰু মানুহৰ উপকাৰ সাধন কৰে ৷ গতিকে সম্প্ৰতি এই ব্যৱস্থা মুকলি কৰা হৈছে," মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে কয় ৷