শীৰ্ষ বাতৰি

আত্মনিৰ্ভৰ অসম! হিতাধিকাৰীক গাড়ী বিতৰণ মুখ্যমন্ত্ৰী সোণোৱালৰ

Sentinel Digital Desk

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মুখ্যমন্ত্ৰীৰ গ্ৰাম্য পৰিবহণ আঁচনিৰ অধীনত হিতাধিকাৰীক আনুষ্ঠানিকভাবে গাড়ীৰ চাবি প্ৰদান কৰে ৷ এই উপলক্ষ্যে আয়োজিত এক অনুষ্ঠানত হিতাধিকাৰীসকলক উদ্দেশি ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, " আমি আশা কৰো যে আপোনালোকে যি গাড়ী পাইছে তাৰ জৰিয়তে নিজ নিজ গাঁৱত সফলতাৰ বুনিয়াদ গঢ়িব ৷ তদুপৰি ইয়াৰ জৰিয়তে আপোনালোকে আন সহস্ৰজনক অনুপ্ৰাণিত কৰিব ৷ "

ক'ৱিড-১৯-এ সৃষ্টি কৰা জটিলতাৰ বিষয়ে উল্লেখ কৰি তেওঁ হিতাধিকাৰীসকলক আগন্তুক দিনত প্ৰত্যাহ্বান অতিক্ৰম কৰাৰ বাবে উৎসাহ প্ৰদান কৰে ৷ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰ ভাৰত আঁচনিৰ সৈতে তাল মিলাই লোৱা হৈছে।  লগতে তেওঁ অনুষ্ঠানত উপস্থিত থকা উদ্যোগ তথা পৰিবহন মন্ত্ৰী চন্দ্ৰমোদন পাটোৱাৰীক এনে এক আঁচনি গ্ৰহণৰ বাবে ধন্যবাদ জনায়। উল্লেখ্য যে এই আঁচনিৰ অধীনত গাড়ী ক্ৰয় কৰে সকলে চৰকাৰৰ পৰা গাড়ীৰ মূল্যৰ ২৫শতাংশ তথা এক লাখ টকা সাহায্যৰূপে লাভ কৰিব ৷ এইক্ষেত্ৰত যিটোৱেই কম হয়, তাকে হিতাধিকাৰীক প্ৰদান কৰা হ'ব ৷