ক'ৱিড-১৯ মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে গুৱাহাটীত আৰোপিত তলাবন্ধ বা লক-ডাউনৰ সুযোগ লৈ অসাধু ব্যৱসায়ীয়ে যাতে ফলমূল আৰু শাক-পাচলিৰ অহেতুক মূল্যবৃদ্ধি ঘটাব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। ফলমূল আৰু শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন মূল তথা উচ্চস্তৰীয় সমিতি গঠন কৰে। এই কথা সদৰী কৰি এক চৰকাৰী বিজ্ঞপ্তিত কোৱা হয় যে আজি মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত শাক-পাচলিৰ ব্যৱসায়ীসকলৰ প্ৰতিনিধিবৰ্গৰ সৈতে এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত মহানগৰীত শাক-পাচলিৰ অত্যধিক মূল্যবৃদ্ধিৰ কাৰণ সম্পৰ্কে আলোচিত হয়।
পাছত মুখ্যমন্ত্ৰীয়ে কামৰূপ(মহানগৰ) জিলাত শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে বিজ্ঞান—প্ৰযুক্তি, জলসম্পদ আদি বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ আব্বাছীৰ নেতৃত্বত মহানগৰীত তলাবন্ধৰ সময়ছোৱাত শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণৰ উদ্দেশ্যে এখন সমিতি গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই সমিতিত কামৰূপ মহানগৰৰ উপায়ুক্ত, পৰিবহন আয়ু্ক্ত, মহানগৰ আৰক্ষী আয়ুক্ত, বিপনন বোৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়াক সদস্যৰূপে ৰখা হ'ব।