শীৰ্ষ বাতৰি

কফি, কোলা চুলি সৰাৰ কাৰণ : গৱেষণা

Sentinel Digital Desk

নতুন দিল্লীঃ চুলি সৰাত অৰিহণা যোগাব পৰা অসংখ্য জনপ্ৰিয় পানীয়ৰ ওপৰত আলোকপাত কৰা হৈছে শেহতীয়াকৈ নিউট্ৰিয়েণ্টছ আলোচনীত প্ৰকাশিত এক অধ্যয়নত। চিংহুয়া বিশ্ববিদ্যালয় বেইজিঙৰ গৱেষকসকলে এই অধ্যয়ন চলাই কয় যে পানীয়ৰ নিৰ্দিষ্ট সংমিশ্ৰণে এজন পুৰুষৰ টান হোৱাৰ সম্ভাৱনা ৩০% বৃদ্ধি কৰিব পাৰে। এদল পুৰুষৰ ওপৰত কৰা এই অধ্যয়নত গৱেষকসকলে আৱিষ্কাৰ কৰিছে যে এনাৰ্জি ড্ৰিংকছ, মিঠাযুক্ত চাহ, কফি, ক'লা, কফি আদি খালে চুলি গুৰুতৰভাৱে সৰাব পাৰে। গৱেষকসকলে সকীয়াই দিছে যে পুৰুষসকলে প্ৰতি সপ্তাহত একৰ পৰা তিনি লিটাৰ এই ধৰণৰ পানীয় সেৱন কৰিলে চুলি সৰাৰ সম্ভাৱনা বেছি হ'ব পাৰে।

সকলোৱে বিচাৰে যে চুলি মজবুত আৰু সুস্থ হ'ব লাগে। আমি সকলোৱে একমত যে আমাৰ চুলিৰ মানদণ্ডত জেনেটিক্সে ডাঙৰ ভূমিকা পালন কৰে, কিন্তু ইয়াৰ ভালদৰে যত্ন লোৱাটোৱেও আমাৰ লক্ষ্য বাস্তৱায়িত কৰাত সহায় কৰে। বৰ্তমান আমি পৰ্যাপ্ত যত্নৰ কথা ভাবিলে প্ৰথম কেইটামান বস্তু মনলৈ আহে তেল, চেম্পু, ঔষধ, যিবোৰ সকলোতে ৰাসায়নিক পদাৰ্থ আৰু সংৰক্ষক পদাৰ্থ থাকে। কিন্তু ঘৰতে একে কাম সম্পন্ন কৰিব পাৰিলে কৃত্ৰিম উপাদানেৰে চুলিৰ ক্ষতি কিয়।এইটো সঁচা যে আমি স্বাস্থ্যসন্মত খাদ্য আৰু জীৱন-ধাৰণৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰিছো। কিছুমান পোনপটীয়া ভাল খাদ্যৰ কৌশল ব্যৱহাৰ কৰি আমি চুলিৰ স্বাস্থ্য বজাই ৰাখিব পাৰো বুলি কয় পুষ্টি বিশেষজ্ঞ ৰূপালী দত্তই। ইয়াৰ অৰ্থ হ'ল আমি আমাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত আৰু বাদ দিবলগীয়া খাদ্যসমূহৰ ওপৰত বিবেচনা কৰিব লাগিব