ৰাজ্যৰ ২৮হেজাৰৰো অধিক MSMEঅৰ্থাৎ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰোআৰু মধ্যমীয়া উদ্যোগ প্ৰতিষ্ঠানলৈ কেন্দ্ৰই বন্ধকী অবিহনে ঋণ আদায়ৰ বাবে ধন মুকলি কৰি দিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰই অসমৰ মুঠ ২৮, ৬৫৪টা MSMEক ঋণ প্ৰদানৰ বাবে ৭৩৮.৪৪কোটি টকা মুকলি কৰি দিছে ৷ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত কেন্দ্ৰই বন্ধকী অবিহনে MSMEসমূহক তিনি লাখ কোটি টকাৰ ধণ প্ৰদান কৰিব ৷ ইয়াৰ উদ্দেশ্যে হৈছে ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ উদ্দেশ্যে ঘোষণা কৰা তলাবন্ধৰ ফলত দেশৰ অৰ্থনীতিৰ যি ক্ষতি হ'ল, সেয়া পূৰণ কৰা ৷ উল্লেখ্য যে অসমত ৰাজ্যিক জি ডি পিৰ ৩৯শতাংশ উদ্যোগ-প্ৰতিষ্ঠানসমূহৰ পৰা আহে ৷ এই উদ্যোগসমূহে প্ৰত্যক্ষ নিযুক্তি দিয়ে ৷