শীৰ্ষ বাতৰি

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাক ক্ষতিকাৰক আখ্যা মন্ত্ৰী পীযুষৰ

Sentinel Digital Desk

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ব্যাপক চৰ্চিত মিত্ৰতাক ক্ষতিকাৰক আখ্যা দিছে মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰিকাই। আজি এখন সংবাদমেলত মন্ত্ৰীজনে বিৰোধী দল দুটাক সমালোচনা কৰি কয় যে যদি এনে এটা মিত্ৰজোঁটে দিছপুৰৰ ক্ষমতা দখল কৰে তেন্তে ৰাজ্যবাসীৰ বাবে অন্ধকাৰ নামি আহিব। কংগ্ৰেছ বদৰুদ্দিন আজমলৰ ৰিমোট কন্ট্ৰলত চালিত হব বুলি সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই লগতে কয়, " কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই ৰাজ্যৰ খিলঞ্জীয়া লোকৰ সৰ্বনাশ মাতিব।

কংগ্ৰেছে দিছপুৰৰ ক্ষমতা দখল কৰিলে আজমলৰ ৰিমোটত চালিত হব। এই মিত্ৰতাই কংগ্ৰেছৰ ক্ষতি কৰিব নে নাই, মই নাজানো। কিন্তু অসমৰ ক্ষতিসাধন কৰিব"। বিজেপিয়ে ৰাজ্যবাসীৰ উন্নয়নৰ বাবে কাম কৰি থকাৰ লগতে ইয়াৰ ধাৰা আগন্তুক দিনতো অব্যাহত ৰাখিব বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে।