শীৰ্ষ বাতৰি

২০২১ৰ নিৰ্বাচনঃ ঐক্যবদ্ধ যুঁজৰ দিশে কংগ্ৰেছ-আজমল

Sentinel Digital Desk

আগন্তক ২০২১ৰ অসম বিধানসভা নিৰ্বাচনত ঐক্যবদ্ধ যুঁজৰ বাবে কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত আলোচনা হোৱা বুলি ব্যাপক চৰ্চা হৈছে। বিভিন্ন মাধ্যমত হোৱা চৰ্চা অনুসৰি বিজেপিৰ পুনৰ চৰকাৰ গঠনৰ পথ ৰুদ্ধ কৰাৰ উদ্দেশ্যে দল দুটাই পৰস্পৰৰ কাষ চপাৰ সংকল্প লৈছে। উল্লেখ্য যে এবাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শাসনত থকাৰ সময়ত এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক হু ইজ বদৰদ্দিন বুলি তাচ্ছিল্য কৰিছিল।

সম্প্ৰতি গগৈ-আজমলে এই কথা পাহৰা বুলি চৰ্চা হৈছে। আনকি কালি প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা এক আলোচনাত মিলিত হয়। এই আলোচনাত আগন্তুক বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতাৰ সিদ্ধান্ত চূড়ান্ত হয় বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখ্য যে বৰ্তমানে বিধানসভাত শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ বিজেপিৰ ৬০জন, অগপৰ ১৪ আৰু বি পি এফৰ ১২ জন বিধায়ক আছে।

আনহাতে, কংগ্ৰেছৰ ২৩জন আৰু এ আই ইউ ডি এফৰ ১৩জন বিধায়ক আছে।লক্ষ্যণীয়ভাবে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈয়ে মন্তব্য কৰিছে যে কংগ্ৰেছে বিজেপিবিৰোধী সকলো দলক একেখন মঞ্চত উপনীত কৰাব বিচাৰে। এনেদৰে বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্য লৈছে বিৰোধী দলটোৱে।