শীৰ্ষ বাতৰি

ক'ৰ'নাত আক্ৰান্ত হ'ল প্ৰাক্তন কংগ্ৰেছ সাংসদ সুস্মিতা দেব

Sentinel Digital Desk

ক'ৰ'না মহামাৰীত আক্ৰান্ত হ'ল জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন সাংসদ সুস্মিতা দেব। প্ৰাপ্ত তথ্য অনুসৰি শিলচৰৰ প্ৰাক্তন সাংসদ তথা অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ সভানেত্ৰী দেৱৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি আজি নিশ্চিত কৰা হয়। এই সম্পৰ্কত তেওঁ কয়, " মোৰ শৰীৰত ক'ৰ'নাৰ সংক্ৰমণৰ লক্ষণ ফুটি উঠা নাই আৰু নিৰ্ধাৰিত নীতি-নিয়ম মানি চলিম"।উল্লেখ্য যে ইয়াৰ পূৰ্বে অসমৰ আৰু দুজন বিখ্যাত ৰাজনীতিকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। তদুপৰি শেহতীযাভাবে ৰাজ্যত উদ্বেগজনকভাবে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।