শীৰ্ষ বাতৰি

শ্বিলঙত আৰম্ভ এয়াৰটেল ৫জি সেৱা

Sentinel Digital Desk

শ্বিলংঃ মেঘালয়ৰ নাগৰিকে এতিয়াৰে পৰা দ্ৰুতবেগী ইন্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব।ভাৰতী এয়াৰটেলে ৫জি নেটৱৰ্ক মুকলি কৰিছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শনিবাৰে এয়াৰটেলৰ জ্যেষ্ঠ সদস্য আৰু অন্যান্য বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এই সেৱাসমূহ আনুষ্ঠানিকভাৱে মুকলি কৰে।

এই নতুন সেৱা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনত দ্ৰুত ইন্টাৰনেট সংযোগৰ ক্ষেত্ৰত এক নতুন বিকাশ ঘটিছে। এই সেৱাসমূহ পৰ্যায়ক্ৰমে আৰম্ভ কৰা হ'ব।ৰাজ্যৰ সকলো গ্ৰাহকৰ কাষ চাপিবলৈ যথেষ্ট সময় লাগিব কাৰণ প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণৰ লগতে উন্নীতকৰণ এতিয়াও চলি আছে।