শীৰ্ষ বাতৰি

পাঁচ বছৰেও আৰম্ভ নহ'ল সংহত সঞ্চালকালয় নিৰ্মাণৰ কাম

Sentinel Digital Desk

ৰাজ্যত পাঁচ বছৰেও কাম আৰম্ভ নহ'ল সংহত সঞ্চালকালয় নিৰ্মাণৰ কাম। উল্লেখ্য যে ২০১৬-ৰ ১ মাৰ্চত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটীৰ বেতকুচিত সংহত সঞ্চালকালয়ৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰস্তাৱিত সঞ্চালকালয়ত গুৱাহাটীত অৱস্থিত ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ সঞ্চালকালয়সমূহ একেটা চৌহদত স্থাপনৰ লক্ষ্য লোৱা হৈছিল। উদ্দেশ্যে আছিল গুৱাহাটীত যান-জঁটো হ্ৰাস কৰা।

কিন্তু আজি পৰ্যন্ত এই সঞ্ছলাকালয় নিৰ্মাণৰ কাম আগবঢ়া নাই। অৱশ্যে শেহতীয়াভাবে সৰ্বানন্দ সোণোৱাল চৰকাৰে এই সঞ্চালকালয় নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে বুলি এক সূত্ৰই জনায়। বেতকুচিত স্থাপন কৰিবলৈ লোৱা এই সঞ্চালকালয়ৰ ভূমি ১৫ লাখ বৰ্গ কিলোমিটাৰৰো অধিক।  এই সংহত সঞ্চালকালয় নিৰ্মাণৰ দায়িত্ব অৰ্পিত আছে অসম আন্তঃগাঁথনি উন্নয়ন নিগমৰ হাতত।