শীৰ্ষ বাতৰি

গুৱাহাটীৰ পাণবজাৰৰ এটা অংশক ক'ৰ'না কণ্টেইনমেণ্ট মণ্ডলৰূপে ঘোষণা প্ৰশাসনৰ

Sentinel Digital Desk

গুৱাহাটী মহানগৰীৰ পাণবজাৰৰ এটা অংশক ক'ৰ'না কণ্টেইনমেণ্ট মণ্ডলৰূপে ঘোষণা কৰিছে প্ৰশাসনে। কাৰণ এই অঞ্চলত অৱস্থিত অৰিহন এপাৰ্টমেণ্টত ক'ৰ'না মহামাৰী আক্ৰান্ত চিনাক্ত কৰা হৈছে। ইয়াৰ পাছতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে অঞ্চলটোক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে। ইয়াৰ পূৰ্বে কালি প্ৰশাসনে ইন্দ্ৰপুৰ পাহাৰীয়া অঞ্চল, লিচুবাগান (হেঙেৰাবাৰী) আৰু গীতামন্দিৰৰ বাথৌনগৰক কণ্টেনমেণ্ট জ'নৰূপে চিহ্নিত কৰে। ইতিমধ্যে এই স্থানসমূহ প্ৰশাসনে ছীল কৰিছে। তাৰ পূৰ্বে প্ৰশাসনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ একাংশ আৰু গোশালাৰ কৃষ্ণনগৰক কণ্টেইনমেণ্ট অঞ্চলৰূপে চিহ্নিত কৰে।

কণ্টেইনমেণ্ট জ'ন ঘোষিত পাণবজাৰৰ অংশৰ চাৰিসীমাঃ

ক) উত্তৰঃ চি কে ৰোড

খ) দক্ষিণঃ পাহাৰীয়া সদন ব্লিডিং

গ)পূবঃ কালিৰাম সদন ভৱন

ঘ) পশ্চিমঃ এছ চি গোস্বামী।