শীৰ্ষ বাতৰি

গুৱাহাটীৰ ছটা স্থানত কণ্টেইনমেণ্ট জ'ন প্ৰত্যাহাৰ

Sentinel Digital Desk

গুৱাহাটীৰ আৰু ছটা স্থানৰ কণ্টেইনমেণ্ট জ'ন বা মণ্ডল প্ৰত্যাহাৰ কৰা হৈছে ৷ ক'ৰ'না মহামাৰীত আক্ৰান্ত চিনাক্ত হোৱাৰ পাছতে আন স্থানৰ দৰে বিধি অনুসৰি এই ছটা স্থানকো জিলা প্ৰশাসনে ক'ৰ'না ভাইৰাছৰ কণ্টেইমেণ্ট জ'নৰূপে ঘোষণা কৰে ৷ ইয়াৰ উদ্দেশ্য হৈছে ক'ৰ'না ভাইৰাছৰ অধিক সংক্ৰমণ ৰোধ কৰা ৷ এনেদৰে কামৰূপ জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাত এই স্থানসমূহত ক'ৰ'না ভাইৰাছৰ অধিক সংক্ৰমণ নঘটিল ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই স্থানসমূহৰ কণ্টেইনমেণ্ট জ'ন প্ৰত্যাহাৰ কৰা হৈছে ৷ কণ্টেইমেণ্ট জ'ন প্ৰত্যাহাৰ কৰা মহানগৰীৰ এই ছটা স্থান হ'লঃ গীতানগৰৰ বাথৌনগৰ, গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰ, হেঙেৰাবাৰীৰ লিচুবাগান, আৰ জি বৰুৱাৰোডৰ লখীনগৰৰ শ্যামকুঞ্জ এপাৰ্টমেণ্ট, চন্দ্ৰপুৰৰ হাজংবৰী, ইন্দ্ৰপুৰ পাহাৰৰ টিলা ৷ ইয়াৰ পূৰ্বেও একে কাৰণতে বহুকেইটা স্থানৰ কণ্টেইনমেণ্ট মণ্ডল প্ৰত্যাহাৰ কৰা হয়।

ইপিনে, চেৰাবভাটি চাৰিআলি (পুলিচ পইণ্ট)ৰ পৰা আৰ্যবিদ্যাপীঠ কলেজৰ খেলপথাৰলৈকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ আদি বন্ধ ৰখাৰ বাবে প্ৰশাসনে পূৰ্বে জাৰি কৰা নিৰ্দেশো আজি প্ৰত্যাহাৰ কৰিছে ৷ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছিল ৷ এই নিৰ্দেশ প্ৰত্যাহাৰৰ কথা জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এক জাননীযোগে প্ৰকাশ কৰিছে ৷

আনহাতে, অসমত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক বৃদ্ধি অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ৪,৬০৫জনলৈ বৃদ্ধি পাইছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি ৰাজ্যত নতুনকৈ আৰু ৯৫জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হৈছে। এই ৯৫ ক'ৰ'না আক্ৰান্তৰ ২১জন যোৰহাটৰ, ১০জন গোলাঘাটৰ, ১২জন হাইলাকান্দিৰ, ৬জন ডিব্ৰুগড়ৰ, ৬ কামৰূপৰ, ৭জন কাৰ্বি আংলঙৰ, ৪জন ধেমাজিৰ, ৪জন বৰপেটাৰ, ৪জন কাচাৰৰ, ৩জন বঙাইগাঁৱৰ, ২জন নগাঁৱৰ, ২জন ওদালগুৰিৰ, ১জন ডিমা হাচাওৰ, ১জন শোণিতপুৰৰ। ফলত ৰাজ্যত শৰীৰত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা আক্ৰান্তৰ সংখ্যা ২,১৮৩জনলৈ বৃদ্ধি পাইছে।