শীৰ্ষ বাতৰি

অসমত ৪৪, দেশত ৪৯ হাজাৰক স্পৰ্শ কৰিলে ক'ৰ'না আক্ৰান্তৰ সংখ্যাই

Sentinel Digital Desk

দেশত প্ৰায় ৫০ হেজাৰৰ ঘৰক স্পৰ্শ কৰিলে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যাই। আজি দেশত ২৯৫৮ নতুকৈ আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিছত ক'ৱিড-১৯ত আক্ৰান্তৰ সংখ্যা ৪৯,৩৯১জন বৃদ্ধি হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি মুঠ আক্ৰান্তৰ ভিতৰত ৩৩,৫১৪ গৰাকী ৰোগী এতিয়াও দেশৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে ১৪,১৮২ গৰাকী আক্ৰান্ত কোভিড১৯ মুক্ত বুলি ঘোষণা কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

অৱশ্যে ক'ৱিড-১৯ মুক্ত হোৱাৰ হাৰ পূৰ্বৰ ২৭.৪১ শতাংশৰ পৰা বৃদ্ধি পাই ২৮.৭১ শতাংশ হৈছে।

মঙলবাৰে দিনটোত ৩,৮৭৫ গৰাকী ক'ৱিড-১৯ত আক্ৰান্ত ধৰা পৰাৰ লগতে ১৯৪ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে, যিটো আছিল ভাৰতত এটা দিনৰ ভিতৰত সৰ্বাধিক। ইপিনে, অসমত কালিৰ দিনটোত দুজন ক'ৱিড-১৯ আক্ৰান্ত ধৰা পৰে। ফলত ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৪জন হৈছে। যোৱা নিশা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰি কয় যে আক্ৰানত ব্যক্তি দুজন গোৱালপাৰা আৰু কোকৰাঝাৰ জিলাৰ। কালি সন্ধিয়া তেওঁলোকৰ শৰীৰত ক'ৱিড-১৯ৰ উপস্থিতি নিশ্চিত কৰা হয়। ইয়াৰ লগে লগে ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৪৪ জনলৈ বৃদ্ধি পাইছে। এই কথা সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই টুইটাৰত কয়,' গোৱালপাৰাত আৰু এজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। যিহেতু লোকজন কন্টেনমেন্ট জ'নত পোৱা গৈছে, সেয়ে শংকিত হোৱাৰ প্ৰয়োজন নাই।' ইয়াৰ কিছু সময়ৰ পাছতে তেওঁ কোকৰাঝাৰৰ আক্ৰান্তজনৰ কথা সদৰী কৰে।