শীৰ্ষ বাতৰি

বয়স্ক ব্যক্তিৰ ক'ৰ'নাঃ অগতানুগতিক লক্ষণক লৈ সমস্যাত চিকিৎসক

Sentinel Digital Desk

চৌদিশে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ উদ্বেগজনকভাবে বৃদ্ধি পাইছে৷। বহু বয়স্ক তথা জ্যেষ্ঠ নাগৰিকো এই মহামাৰীত আক্ৰান্ত হৈছে ৷ ইয়াৰে বহুজনৰ শৰীৰত ক'ৰ'নাৰ অগতানুগতিক লক্ষণ ফুটি উঠিছে ৷ এনে গতানুগতিক লক্ষণে অৱস্থা অধিক জটিল কৰি তোলে ৷ ইয়ে চিকিৎসকসকলক সমস্যাৰ সন্মুখীন কৰাইছে।

এই সম্পৰ্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ এজন চিকিৎসকে কয়, "ক'ৰ'নাৰ সংক্ৰমণ ঘটিলে জ্বৰ বা নেৰানেপেৰা কাহত এজন ব্যক্তি ভোগে ৷ উশাহ চুটি হয়। কিন্তু বয়স্ক ব্যক্তিৰ ক্ষেত্ৰত এনে কোনো লক্ষণ ফুটি নুঠিব পাৰে ৷ এনে ব্যক্তি মূৰ ঘূৰাই পৰি যাব পাৰে। চাৰিওকাষৰ ঘটনাৰ প্ৰতি উদাসীন হ'ব পাৰে বা বিভ্ৰান্তিত ভুগিব পাৰে ৷ মাজে সময়ে কথা ক'বলৈ এৰিব পাৰে আৰু বাগৰি পৰিব পাৰে ৷" এনে গতানুগতিক লক্ষণ ফুটি উঠাৰ কাৰণ বয়স বৃদ্ধি বুলিও তেওঁ মন্তব্য কৰে ৷

চিকিৎসকজনে আৰু কয় যে বয়স বৃদ্ধিৰ ফলত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব পাৰে আৰু দেহে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিব পাৰে ৷ বয়স্ক ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সুকীয়া হয় বুলিও তেওঁ মতপোষণ কৰি তেওঁ সকলোকে অত্যন্ত সতৰ্ক হবলৈ আহ্বান জনায়।