শীৰ্ষ বাতৰি

ক'ৰ'নাঃ দেশৰ ভিতৰত নিতৌ আক্ৰান্ত অসম-বিহাৰ-পশ্চিমবংগ-উত্তৰ প্ৰদেশত সৰ্বাধিক

Sentinel Digital Desk

দেশৰ ভিতৰতে ক'ৰ'না মহামাৰীত অসম, বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত নিতৌ সৰ্বাধিক লোক আক্ৰান্ত হৈছে। এই তথ্য শেহতীয়াকৈ প্ৰকাশ পাইছে। প্ৰাপ্ত তথ্য অনুসৰি যোৱা মাহ তথা জুলাইৰ পৰা অসম, বিহাৰ, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত উদ্বেগজনক হাৰত ক'ৰ'না ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত ক'ৰ'না ৰোগীৰ সংখ্যাই ইতিমধ্যে এক লাখৰ ঘৰ অতিক্ৰম কৰিছে।

অসমত বৰ্তমানলৈ ৬৮ হেজাৰ লোক এই মহামাৰীত আক্ৰান্ত হৈছে। উক্ত চাৰি ৰাজ্যত যোৱা মাহত এই মহামাৰীত আক্ৰান্তৰ সংখ্যা ৪ শতাংশ বৃদ্ধি পায়। এই চাৰি ৰাজ্যৰ লেখীয়াকৈ মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু তামিলনাডুতো বহু লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে।