শীৰ্ষ বাতৰি

বিশ্বত প্ৰথমঃৰাজস্থানত ক'ৰ'না মহামাৰীত ২০ দিনীয়া শিশুৰ মৃত্যু

coronavirus :20-day-old infant death reported in Rajasthan today

Sentinel Digital Desk

 বিশ্বত প্ৰথমঃ ৰাজস্থানত ক'ৰ'না মহামাৰীত ২০ দিনীয়া শিশুৰ মৃত্যু । সমগ্ৰ বিশ্বক জোঁকাৰি গৈছে ক'ৰ'না মহামাৰীয়ে । ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় । প্ৰায় ৩৮ হেজাৰ লোক আক্ৰান্ত হৈছে এই মহামাৰীত । শিশুৰ পৰা বৃদ্ধলৈ বহুতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই মহামাৰীত ।

এইবাৰ ক'ৰ'নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ২০ দিনীয়া এটি কন্যা শিশু । ৰাজস্থানৰ জয়পুৰত ক'ৰ'নাত আক্ৰান্ত হৈ মৃত্যু হয় শিশু কন্যাটিৰ । উল্লেখ্য যে, সম্ভৱতঃ সমগ্ৰ বিশ্বৰ এইটোৱে প্ৰথম ঘটনা য'ত এটি কমবয়সীয়া শিশুৰ মৃত্যু হৈছে।

জানিব পৰা মতে, জয়পুৰৰ গাংগুৰী হাস্পাতালত শিশুটিৰ জন্ম হৈছিল । তাৰ পিছতেই শিশুটিক ভৰ্তি কৰোৱা হৈছিল জে কে লোন চিকিৎসালয়ত ।

অৱশেষত শনিবাৰে প্ৰাণ সাবতি ল'ব লগীয়া হয় ২০ দিনীয়া শিশুটিয়ে ।

উল্লেখ্য যে শিশুটিৰ মৃত্যুৰ পিছতহে শিশুটিৰ গাত ক'ৰ'নাৰ উপস্থিতি ধৰা পৰে ।

জানিব পৰা মতে, শিশুটিৰ পৰিয়ালৰ কোনো লোকৰ শৰীৰত নাছিল ক'ৰ'না ভাইৰাছ। আনকি তেওঁলোকৰ কোনেও বাহিৰলৈ ফুৰিবলৈ যোৱাও নাছিল। পৰিয়ালটোৰ দহজন সদস্যক কোৱাৰান্টাইন কৰা হৈছে।

 এই ক'ৰ'না ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ঘোষণা কৰিছিল লকডাউন । দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৩ মে' লৈ আছিল যদিও ইয়াৰ সময়সীমা বৃদ্ধি কৰি ১৭ মে' কৰা হৈছে ।‌

অৱশ্যে ১৭মে'লৈকে বৃদ্ধি কৰা ল'কডাউনত গ্ৰীণ-অৰেঞ্জ জ'নত ৰখা হৈছে কিছু শিথিলতা।‌ কিছুসংখ্যক ৰাজ্যত ক'ৰ'না মহামাৰীৰ প্ৰকোপ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে অহা তিনি মে'ত অন্ত পৰিবলগীয়া লংক-ডাউনৰ ম্যাদ দুসপ্তাহৰ বাবে বৃদ্ধি কৰিছে ৷শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কেতবোৰ ৰাজ্যৰ জটিল পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ল'ক-ডাউন দুসপ্তাহ বৃদ্ধিৰ সিদ্ধান্ত লয় ।অৱশ্যে গ্ৰীণ জ'ন আৰু আৰু অৰেঞ্জ জ'নত ক'ৱিড-১৯নীতি-নিয়মাৱলীৰ কিছু শিথিলতা থাকিব । কিন্তু ৰেড জ'নত সম্পূৰ্ণ তলাবন্ধ অহা ১৭ মেলৈকে বলবত থাকিব।