শীৰ্ষ বাতৰি

অগপৰ নিৰ্বাচনক অবৈধ ঘোষণা আদালতৰ

অগপৰ সদ্য অনুষ্ঠিত সাধাৰণ সভাৰ পূৰ্বে দলৰ গুৱাহাটী একাংশ কৰ্মী আদালতৰ দ্বাৰস্থ হয় ৷

Sentinel Digital Desk

অসম গণ পৰিষদ (অগপ)-ৰ সদ্য অনুষ্ঠিত নিৰ্বাচনক অবৈধ বুলি ৰায় দিছে গুৱাহাটীৰ এখন আদালতে। উল্লেখ্য যে এই নিৰ্বাচনৰ জৰিয়তে কৃষি মন্ত্ৰী অতুল বৰা পুনৰ দলৰ সভাপতি আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত পুনৰ কাৰ্যকৰী সভাপতি নিৰ্বাচিত হয় ৷ দুয়োটা পদৰে কাৰ্যকাল তিনি বছৰীয়া৷ আনহাতে, অগপৰ সদ্য অনুষ্ঠিত সাধাৰণ সভাৰ পূৰ্বে দলৰ গুৱাহাটী একাংশ কৰ্মী আদালতৰ দ্বাৰস্থ হয় ৷ যোৱা ২৭ আগষ্টত অনুষ্ঠিত এই সাধাৰণ সভাতে মন্ত্ৰী বৰা দলৰ পুনৰ সভাপতি আৰু মন্ত্ৰী মহন্ত পুনৰ কাৰ্যকৰী সভাপতি নিৰ্বাচিত হয়।

ইপিনে, দলৰ গুৱাহাটী গোটৰ এই কৰ্মীসকলৰ আবেদনৰ শুনানী গ্ৰহণ কৰি গুৱাহাটীৰ তিনি নম্বৰ অসামৰিক আদালতে যোৱা পাঁচ ছেপ্তেম্বৰত এই নিৰ্বাচনক অবৈধ আখ্যা দিয়ে ৷ ইয়াৰ পূৰ্বে যোৱা ২৬আগষ্টত আদালতে দলৰ এই সাধাৰণ সভা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল ৷

এই কথা সদৰী কৰি আবেদকাৰী অগপ কৰ্মীসকলক আদালতত প্ৰতিনিধিত্ব কৰা অধিবক্তা দিলীপ চৌধুৰীয়ে কয় যে যোৱা ২৬আগষ্টতে আদালতৰ এই নিৰ্দেশ অগপ নেতৃত্বলৈ ৱাটছএপত প্ৰেৰণ কৰা হৈছিল ৷ ক'ৰ'না মহামাৰীৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিত আদালতসমূহে এনে ব্যৱস্থা গ্ৰহণ কৰিছে।

আশ্বৰ্যজনক যে আদালতৰ নিৰ্দেশ লাভ কৰাৰ পাচতো অগপ নেতৃত্বই সাধাৰণ সভা আৰু দলীয় নিৰ্বাচন অনুষ্ঠিত কৰে ৷ সেয়েহে আদালতে এই নিৰ্বাচনক অবৈধ আখ্যা দিছে ৷