শীৰ্ষ বাতৰি

গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ কলকাতা আৰক্ষীক নিৰ্দেশ কামৰূপৰ আদালতৰ

Sentinel Digital Desk

সংকট গভীৰ হ'ল অসমত আহোম ৰাজ্য প্ৰতিষ্ঠাতা চাওলুং ছ্যুকাফা সম্পৰ্কত টুইটাৰত অতি আপত্তিজনক মন্তব্য কৰা কলকাতাৰ বিতৰ্কিত গৰ্গ চেটাৰ্জীৰ ৷ অসম আৰক্ষীৰ চকুত ধূলি দি গা বচাবলৈ সক্ষম হোৱা বিতৰ্কিত চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ কলকাতা আৰক্ষীলৈ নিৰ্দেশ জাৰি কৰিছে কামৰূপ মহানগৰৰ এখন আদালতে ৷উল্লেখ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে অসম আৰক্ষীৰ এটা দলে অলপতে চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ কলকাতালৈ ৰাওনা হৈছিল। কিন্তু চেটাৰ্জীক গ্ৰেপ্তাৰ কৰাত দলটো ব্যৰ্থ হয়। অভিযোগ অনুসৰি কলকাতা আৰক্ষীৰ অ-সহযোগিতাৰ বাবে অসম আৰক্ষীয়ে চেটাৰ্জীক গ্ৰেপ্তাৰত ব্যৰ্থতা স্বীকাৰ কৰে।

কালি মঙলবাৰে বিফল মনোৰথেৰে দলটো গুৱাহাটীত উপস্থিত হয়। উল্লেখ্য যে ছ্যুকাফা সম্পৰ্কত কৰা অতি আপত্তিজনৰ মন্তব্যৰ বাবে ডিব্ৰুগড়ৰ ভাস্কৰ গগৈ নামৰ এজন লোকে চেটাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আজি কামৰূপ মহানগৰৰ মহকুমা এক নম্বৰ ন্যায়িক দণ্ডাধীশৰ আদালতে চেটাৰ্জীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰি শীঘ্ৰে বিতৰ্কিত লোকজনক গ্ৰেপ্তাৰ কৰিবলৈ কলকাতা আৰক্ষীলৈ নিৰ্দেশ জাৰি কৰে। অহা তিনি জুলাইৰ ভিতৰত তেওঁক আদালতত হাজিৰ কৰাবলৈও ন্যায়িক দণ্ডাধীশৰ আদালতে চেটাৰ্জীলৈ নিৰ্দেশ জাৰি কৰে। আদালতে এই নিৰ্দেশ কলকাতাৰ চেটলা আক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ালৈ জাৰি কৰিছে।