শীৰ্ষ বাতৰি

গুৱাহাটীত এদিনতে ৬২৭জন ক'ৰ'না আক্ৰান্ত চিনাক্ত

Sentinel Digital Desk

ৰাজ্যৰ ৰাজধানী মহানগৰ গুৱাহাটীত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাই আছে। প্ৰাপ্ত তথ্য অনুসৰি কালি মঙলবাৰৰ দিনটোত গুৱাহাটীত নতুনকৈ ৬২৭জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। কালি দিনটোত ৰাজ্যত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২০হেজাৰৰ ওচৰা-ওচৰি হয়। কালি সমগ্ৰ ৰাজ্যত ৮৬৯জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। উল্লেখ্য যে গুৱাহাটীত পুনৰ সম্পূৰ্ণ লক-ডাউন আৰোপ কৰাৰ পাছতো ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। কালি ৰাজ্যত আৰু ৬জন ক'ৰ'না আক্ৰান্তৰ মৃত্যু হয়। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি মৃত লোককেইজন হ'ল স্নেহা মল(৩৬), লিতু কুমাৰ বৰা(৩৭),শৰত চন্দ্ৰ শৰ্মা(৬০), উপেন্দ্ৰ নাথ(৬২), প্ৰমোদ ৰঞ্জন সাহা(৭৩) আৰু সুভাকৰণ দুধেৰিয়া(৭৩)।