শীৰ্ষ বাতৰি

অসমৰ ৩৪ ক’ৰ’না আক্ৰান্তৰ অধিকাংশৰে সম্পৰ্ক আছে নিজামুদ্দিনৰ সৈতে

Sentinel Digital Desk

অসমৰ ৩৪ ক’ৰ’না আক্ৰান্তৰ অধিকাংশৰে সম্পৰ্ক আছে নিজামুদ্দিনৰ সৈতে

অসমত বৰ্তমানলৈ চিনাক্ত হোৱা ৩৪জন ক’ৰ’না আক্ৰান্তৰ অধিকাংশ তথা ৩২ জনৰে সম্পৰ্ক আছে দিল্লীৰ নিজামুদ্দিনৰ দৰগাহত যোৱা মাহত অনুষ্ঠিত জামাতৰ সৈতে। এই ক’ৰ’না আক্ৰান্তসকলৰ মাজৰ এজনৰ ইতিমধ্যে মৃত্যু হৈছে। বৃহস্পতিবাৰে মৰিগাঁও জিলাত দুজন ক’ৱিড আক্ৰান্ত চিনাক্ত কৰা হয়। লক্ষ্যণীয় যে এই লোক দুজনৰ সংস্পৰ্শলৈ অহাৰ পৰিপ্ৰেক্ষিতত মৰিগাঁও জিলাৰ স্বয়ং উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছে। অৱশ্যে ৰাজ্যৰ অধিকাংশ এই মহামাৰী আক্ৰান্ত সুস্থ হৈছে। ইতিমধ্যে চাৰিজনক হাস্পতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। ইয়াৰে দুজন গোৱালপাৰাত চিকিত্সাধীন হৈ আছিল। কালি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োকে সাক্ষাত কৰে। আনহাতে, স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে সম্প্ৰতি চিকিত্সাধীন হৈ থকা অধিকাংশ ক’ৰ’না ৰোগীক অহা ২০ এপ্ৰিলৰ ভিতৰত চিকিতসালয়ৰ পৰা যাবলৈ দিয়া হব পাৰে। কাৰণ এইসকল ক্ৰমাত্ সুস্থ হৈ উঠিছে। ইতিমধ্যে বৃহস্পতিবাৰে দুজন ক’ৰ’না আক্ৰান্তক চিকিত্সালয়ৰ পৰা যাবলৈ দিয়া হয়। দুয়োজন সোণাপুৰৰ অসামৰিক চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল। দুয়োৰে ঘৰ জাগীৰোড সমষ্টিৰ অন্তৰ্গত অঞ্চলত।এই কথা প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী শৰ্মাই কয়, “ আমি দুজন ক’ৰ’না আক্ৰান্ত ক্ৰমে জোনাব আলী আৰু নুৰুদ্দিন আলীক চিকিত্সালয়ৰ পৰা যাবলৈ দিছো। তেওঁলোক সোণাপুৰ জিলা চিকিত্সালয়ত চিকিত্সাধীন হৈ আছিল”।