গুৱাহাটীত ক্ৰমে ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি উন্নত হৈছে। আজি এখন সংবাদ মেলত স্বয়ং স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰে। সংবাদ মেলত মন্ত্ৰী শৰ্মাই কয় যে কিছুদিন ধৰি একেৰাহে ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পাছত গুৱাহাটীত ক্ৰমে পৰিস্থিতি উন্নত হ'বলৈ ধৰিছে।" গুৱাহাটীত পৰিস্থিতি উন্নত হবলৈ ধৰিছে। পৰিস্থিতিৰ অৱনতিয়ে চূড়ান্ত ৰূপ ধাৰণ কৰাৰ সময়ত য়োৱা ৪ জুলাইত গুৱাহাটীত ৭৭৭জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। সম্প্ৰতি প্ৰতিদিনে ৩০০ৰ তলত ক'ৰ'না ৰোগী চিনাক্ত হৈ আছে।আমি প্ৰতিদিনে প্ৰায় ৫০হেজাৰ নমুনা পৰীক্ষা কৰি আছো। আমি নমুনা পৰীক্ষা, আক্ৰান্তক বাছি উলিওৱা, চিকিত্সা প্ৰদান কৰা আৰু একাষৰীয়াকৰণ নীতি অনুসৰি কাম কৰি আছো।"
তেওঁ এইবুলিও কয় যে সাধাৰণ লোকে লক-ডাউনৰ সময়ছোৱাত সামাজিক দূৰত্ব বজাই ৰখা আৰু মাস্ক পৰিধান কৰিবলৈ লোৱাৰ ফলত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। আগন্তুক দিনটো এইসমূহ নীতি-নিয়ম মানি চলিলে পৰিস্থিতিৰ অধিক উন্নতি সাধন হব বুলি স্বাস্থ্য মন্ত্ৰীয়ে মন্তব্য কৰে।
আৰু পঢ়িব পাৰেঃ লকডাউনঃ অধিক শিথিলতা ঘোষণা অসম চৰকাৰৰ