শীৰ্ষ বাতৰি

অসমৰ ৩৫ বিধায়ক-প্ৰাক্তন বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধৰ গোচৰ

Sentinel Digital Desk

অসমৰ ৩৫ বিধায়কৰ বিৰুদ্ধে ৰুজু হৈ আছে অপৰাধৰ গোচৰ। উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিয়োজিত এমিকাছ কিউৰিৰ প্ৰতিবেদনত এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। মঙলবাৰে এমিকাছ কিউৰি বিজয় হান্সাৰিয়াই উচ্চতম ন্যায়ালয়ক অৱগত কৰে যে দেশৰ সৰ্বমুঠ ৪, ৪৩২জন প্ৰতিনিধি আৰু প্ৰাক্তন জন প্ৰতিনিধিৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে। এই জন প্ৰতিনিধিসকল হৈছে সাংসদ-বিধায়ক বা প্ৰাক্তন সাংসদ-বিধায়ক। এই সাংসদ-বিধায়ক বা প্ৰাক্তন সাংসদ-বিধায়কৰ ৩৫জন অসমৰ ৷ ইয়াৰে ২৫জন বিধায়ক আৰু ১০জন প্ৰাক্তন বিধায়ক ৷

আনহাতে, এই ৩৫বিধায়ক আৰু প্ৰাক্তন বিধায়কৰ ১২জনৰ বিৰুদ্ধে শাস্তিযোগ্য অপৰাধৰ গোচৰ ৰুজু হৈ আছে ৷ ইয়াৰে আঠজন বৰ্তমানৰ বিধায়ক আৰু চাৰিজন প্ৰাক্তন বিধায়ক। উল্লেখ্য যে জনপ্ৰতিনিধিৰ অপৰাধৰ গোচৰ বিচাৰৰ বাবে কিছু বছৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে দ্ৰুত আদালত স্থাপনৰ নিৰ্দেশ জাৰি কৰিছিল ৷

অসমক বাদ দি উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ ভিতৰত মণিপুৰত সৰ্বাধিক ১৫ টা অপৰাধৰ গোচৰ জনপ্ৰতিনিধিৰ বিৰুদ্ধে ৰুজু হৈ আছে।