শীৰ্ষ বাতৰি

গুৱাহাটীৰ ন-মাইলৰ চি আৰ পি শিবিৰক কণ্টেইনমেণ্ট জ'ন চিহ্নিত

Sentinel Digital Desk

গুৱাহাটীৰ ন-মাইলৰ চি আৰ পি শিবিৰক কণ্টেইনমেণ্ট জ'ন চিহ্নিত

ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে ঘোষিত হ'ল গুৱাহাটীৰ ন-মাইলস্থিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চি আৰ পি এফ)-ৰ গ্ৰুপ চেণ্টাৰ ৷ উল্লেখ্য যে অসমত নিয়োজিত ছজন চি আৰ পি জোৱান ক'ৱিড-১৯পজিটিভৰূপে চিহ্নিত হৈছে ৷ ইয়াৰ পাছতে কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে গ্ৰুপ চেণ্টাৰটোক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰে । এই কণ্টেইনমেণ্ট জ'নে উত্তৰে চি আৰ পি এফৰ কেন্দ্ৰীয় বিদ্যালয় আৰু চিকিৎসকৰ বাসভৱন, দক্ষিণে ছয় আৰু সাত নম্বৰ বেৰেক, পূবে আমেৰিগোগ হিলছাইড আৰু পশ্চিমে চি আৰ পি বিষয়া-কৰ্মচাৰীৰ চৰকাৰী আৱাসলৈ সামৰি লৈছে ৷ শনিবাৰে বিয়লি দুই বজাৰ পৰা এই কণ্টেইনমেণ্ট জ'ন চিহ্নিত হৈছে আৰু পৰৱৰ্তী জাননী জাৰি নকৰালৈকে উক্ত গ্ৰুপ চেণ্টাৰৰ নিৰ্দেশিত অঞ্চল কণ্টেইনমেণ্ট জ'নৰূপে চিহ্নিত হৈ থাকিব। এই কথা সদৰী কৰিছে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিত পেগুৱে ৷

ইয়াৰ পূৰ্বে গুৱাহাটীৰ মাজমজিয়াৰ তৰুণ নগৰৰ একাংশক ক'ৰ'না কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। কিছু সময় পূৰ্বে ৫৩জন ক'ৰ'না পজিটিভ চিনাক্ত হোৱাৰ পাছতে ৰাজ্য চৰকাৰে তৰুণ নগৰৰ দীনেশ ওজা পথক কণ্টেইনমেণ্ট জ'নৰূপে ঘোষণা কৰিছে। এই কথা সদৰী কৰি কামৰূপ(মহানগৰ) জিলাৰ উপায়ুক্ত বিশ্বজিত পেগুৱে কয় যে উক্ত পথৰ উত্তৰে থকা আশীৰ্বাদ এপাৰ্টমেণ্ট, দক্ষিণে জি এছ ৰোডত থকা আছাম ফ্লোৰ মিল, পূবে থকা এইচ পি এপাৰ্টমেণ্ট আৰু চিত্তৰঞ্জন শৰ্মাৰ বাসভৱন তথা পশ্চিমে থকা এপ্ৰোডাইট বিউটী পাৰ্লাৰৰলৈকে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে। ইয়াৰ নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ''ব বুলি উপায়ুক্তই সকীয়াই দিছে। তেওঁ কয় যে নীতি-নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে ২০০৫ৰ দুৰ্যোগ ব্যৱস্থাপনা আইন, ১৮৯৭ৰ মহামাৰী ৰোগ আইনকে ধৰি আনুসংগিক আইনৰ ধাৰাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।