শীৰ্ষ বাতৰি

ক'ৰ'নাত মৃত্যু কাৰ্বি নেচনেল এছেম্বলীৰ অধ্যক্ষৰ

Sentinel Digital Desk

ৰাজ্যত আৰু এজন গণ্যমান্য ব্যক্তিয়ে ক'ৰ'না মহামাৰীত প্ৰাণ হেৰুৱালে। প্ৰাপ্ত তথ্য অনুসৰি কাৰ্বি নেচনেল এছেম্বলীৰ অধ্যক্ষ দাৰছিং টেৰণৰ ক'ৰ'নাত মৃত্যু হৈছে। কালি দেওবাৰে কাৰ্বি নেচনেল এছেম্বলীৰ অধ্যক্ষগৰাকীৰ মৃত্য হয়। টেৰণ মেলেৰিয়াতো আক্ৰান্ত আছিল। প্ৰাপ্ত তথ্য অনুসৰি টেৰণক ডিফু মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল। তাত চিকিত্সাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।

উল্লেখ্য যে কালি দেওবাৰে কাৰ্বি আংলং জিলাত অতি কমেও ১৭ জন ক'ৰ'না আক্ৰান্ত চিনাক্ত কৰা হয়। জিলাখনত এই পৰ্যন্ত ৬জন ব্যক্তিয়ে ক'ৰ'না মহামাৰীত প্ৰাণ হেৰুৱাইছে। বৰ্তমানলৈকে জিলাখনত মুঠ ক'ৰ'না আক্ৰান্তৰ সংখ্যা ৫৫৬হৈছে। ইয়াৰে ২৩৮জন আৰোগ্য হৈছে।