শীৰ্ষ বাতৰি

৫দিনীয়া অনুসন্ধানৰ পাছত বন্ধ ঘৰৰ পৰা উদ্ধাৰ ব্যক্তিৰ মৃতদেহ

মৃতদেহ উদ্ধাৰ কৰাৰ পূৰ্বে, যোৱা ৫দিন ধৰি সন্ধানহীন হৈ আছিল ব্যক্তি গৰাকী

Sentinel Digital Desk

চাঞ্চ্যলকৰ : ৰহস্যময়ী ভাৱে এটি বন্ধ কোঠালীৰ পৰা উদ্ধাৰ কৰা হৈছে, এগৰাকী ৫৫বছৰীয়া ব্যক্তিৰ মৃতদেহ। ব্যক্তি গৰাকীৰ দেহত পৰিলক্ষিত হৈছে বিভিন্ন আঘাত আৰু লগতে পেটৰ অংশচোৱাত এটুকুৰা দ' ঘাঁ। জানিবলৈ পোৱা মতে মৃতদেহ উদ্ধাৰ কৰাৰ পূৰ্বে, যোৱা ৫দিন ধৰি সন্ধানহীন হৈ আছিল ব্যক্তি গৰাকী।

যোৱা সোমবাৰ, ২২নৱেম্বৰ তাৰিখে, আশ্চৰ্য্যকৰ ভাৱে এটি বন্ধ ঘৰৰ প্ৰাংগনত উদ্ধাৰ কৰা হৈছে এগৰাকী ব্যক্তিৰ মৃতদেহ। ৫৫বছৰীয়া এই ব্যক্তি গৰাকী পেছাত ঘৰ ৰং কৰা এগৰাকী শ্ৰমিক। ব্যক্তি গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, হাতীগাওঁ, গুৱাহাটীৰ লক্ষ্মী নগৰ অঞ্চলৰ, ২৪নম্বৰ ঘৰৰ প্ৰাংগনত।

তথ্য অনুসৰি, পৰবৰ্তী সময়ত মৃতক ব্যক্তি গৰাকীৰ চিনাক্তকৰণ কৰা হয়, মিলন চেত্ৰী ৰূপে। ৫৫বছৰীয়া এই ব্যক্তি গৰাকী সন্ধানহীন হৈ আছিল যোৱা ৫দিন অৰ্থাৎ ১৮নৱেম্বৰ ২০২১ তাৰিখৰ পৰা।

ব্যক্তি গৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে লক্ষ্মী নগৰৰ স্থানীয় লোকে। যাৰ পাছতেই ততাতয়াকৈ ইয়াৰ বিষয়ে অৱগত কৰোৱা হয় স্থানীয় আৰক্ষীক। মৃতদেহটোৰ উদ্ধাৰৰ পাছতেই এই কেছ পঞ্জীয়ন কৰা হয় হাতীগাওঁ আৰক্ষী থানাত আৰু বৰ্তমান আৰক্ষী ব্যস্ত এই হত্যাকাণ্ডৰ ৰহস্যৰ অনুসন্ধানত।

আৰক্ষীয়ে জনাইছে যে, মৃতক মিলন চেত্রীৰ দেহৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি কটাৰীৰে আঘাত কৰা বহুতো জখম আৰু পেটৰ তলৰ অংশত এটুকুৰা দ' ঘাঁ। ইয়াৰ লগতে জনাই যে বন্ধ ঘৰটোত মৃতদেহ টোৰ সৈতে উদ্ধাৰ কৰা হৈছে এখন দেগাৰ।

খবৰ অনুসৰি মৃতক মিলন চেত্ৰী বহু বছৰৰ পৰা হাতীগাওঁ অঞ্চলৰ নিবাসী, মহম্মদ আটাউৰ ৰহমানৰ ঘৰুৱা সহায়ক হিচাপে কৰ্মৰত আছিল। ইয়াৰোপৰি ঘৰ ৰং কৰা শ্ৰমিক হিচাপেও কৰ্মৰত আছিল তেওঁ।

স্থানীয় লোক সকলে আৰক্ষীক জনাইছে যে, বহু সময়ত মৃতক মিলন চেত্ৰী নিজৰ পৰিয়ালৰ সৈতে ঘৰুৱা কন্দলত মিলিত হৈছিল। তেওঁৰ পৰিয়ালত তেওঁকে ধৰি মুঠ ৫ গৰাকী সদস্য আছিল। ঘৰৰ সদস্য সমূহ হৈছে, এগৰাকী বৃদ্ধা শাহু, দুই পুতেক আৰু এগৰাকী কন্যা।

এই হত্যাকাণ্ডৰ বিষয়ে আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰি কয় যে, সন্ধানহীন হোৱাৰ দিনাই চুৰিৰে আঘাত হানি হত্যা কৰা হৈছিল মিলন চেত্ৰীক।