শীৰ্ষ বাতৰি

নিখাৰী নৈত উদ্ধাৰ চি আই এছ এফ জোৱানৰ মৃতদেহ

Sentinel Digital Desk

ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী (এছ ডি আৰ এফ)-এ আজি কামৰূপ জিলাৰ নিশাৰী নৈৰ পৰা কেন্দ্ৰীয় ঔদ্যোগিক বাহিনী(চি আই এছ এফ)-ৰ এজন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰে ৷ মৃত চি আই এছ এফ জোৱানজনক কামৰূপ জিলাৰ তেতেলিসৰাৰ দেৱাশীষ দাস বুলি চিনাক্ত কৰা হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে দাসসহ তিনিজন লোকক স্থানীয় এটা মন্দিৰত আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছসহ ধৰা পেলায় ৷ তেতিয়া তিনিওজনে ওচৰৰে বৈ যোৱা নিখাৰী নৈত জাঁপ দিয়ে৷ তাৰ পাছৰে পৰা তিনিওৰে সন্ধানত নৈত আৰক্ষী আৰু এছ ডি আৰ এফে অভিযান আৰম্ভ কৰে ৷ আজি দাসৰ নিথৰ দেহ উদ্ধাৰ হয় ৷ আনহাতে, স্থানীয় লোকে ঘটনাৰ তদন্ত দাবী কৰিছে । সম্প্ৰতি অঞ্চলটোত চেপা উত্তেজনা বিয়পি থকাত প্ৰশাসনে নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে।