শীৰ্ষ বাতৰি

ড্ৰাগছ সম্বন্ধীয় কথা পতাৰ কথা জেৰাত স্বীকাৰ দীপিকাৰঃ সন্তুষ্ট ন'হল এন চি বি

Sentinel Digital Desk

ৱাটছএপ গ্ৰুপত নিষিদ্ধ ড্ৰাগছ সম্পৰ্কীয় কথা পতাৰ কথা জেৰাত স্বীকাৰ কৰিলে অভিনেত্ৰী দীপিকা পাড়ুকনে ৷ আজি পুৱা ১০বজাৰ পৰা নাৰ্ক'টিকছ কন্ট্ৰ'ল ব্যুৰ'ৱে অভিনেত্ৰীগৰাকীক ড্ৰাগছ সম্বন্ধীয় গোচৰত বহু সময় ধৰি জেৰা কৰে ৷ এই জেৰাৰ সময়ত তেওঁ তদন্তকাৰী বিষয়াৰ আগত ৱাটছএপ গ্ৰুপত ড্ৰাগছ সম্বন্ধীয় কথা পতাৰ কথা স্বীকাৰ কৰে ৷ অৱশ্যে জেৰাৰ সময়ত তেওঁ দিয়া কেতবোৰ প্ৰশ্নৰ উত্তৰক লৈ এন চি বিৰ তদন্তকাৰী বিষয়া সন্তুষ্ট নহয় বুলি সূত্ৰই জনায় ৷ সূত্ৰই জনোৱা মতে, দীপিকাই তেওঁৰ মেনেজাৰ কৰিশ্মা প্ৰকাশৰ সৈতে ৱাটছএপত ড্ৰাগছৰ বিষয়ে কথা পতাৰ অভিযোগ মানি লয় ৷ অভিযোগ অনুসৰি ২০১৭ৰ অক্টোবৰত দীপিকাই তেওঁৰ কৰিশ্মাৰ সৈতে ড্ৰাগছ সম্বন্ধীয় কথা পাতিছিল ৷

আজি দ্বিতীয়বাৰৰ বাবে এন চি বিয়ে কৰিশ্মাক জেৰা কৰে ৷ আনহাতে, দীপিকাৰ কোম্পানী KWANও তদন্তকাৰীৰ দৃষ্টিলৈ আহিছে ৷ ইয়াৰ ভূমিকাও সন্দেহৰ আৱৰ্তত আছে ৷ তদুপৰি দীপিকাৰ "ক'ক' পাৰ্টীয়েও সন্দেহৰ উদ্ৰেক কৰিছে ৷ ইপিনে, জেৰাৰ সময়ত দীপিকাৰ মেনেজাৰ কৰিশ্মাই "হাশ্ব" ড্ৰাগছ নহয় বুলি দাবী কৰা বুলি সূত্ৰই জনায় ৷ উল্লেখ্য যে ২০১৭ৰ অক্টোবৰত ৱাটছএপ গ্ৰুপত দীপিকাই কৰিশ্মাক "মাল" আৰু "হাশ্ব" যোগান ধৰিবলৈ নিৰ্দেশ দিছিল ৷