শীৰ্ষ বাতৰি

ছ্যুকাফা-গদাপানিক অপমান কৰা কবি নীলিম কুমাৰক গ্ৰেপ্তাৰৰ দাবী

“এখন অসুস্থ চিটিবাছ” শীৰ্ষক কবিতাটোত তেওঁ চুক্যাফা আৰু গদাপাণিক ক্ৰমে ভগা চিটিবাছৰ চালক আৰু হেণ্ডিমেন আখ্যা দিছে।

Sentinel Digital Desk

অসমত ছশ বছৰীয়া আহোম ৰাজত্বকালৰ পিতৃপুৰুষ তথা বৰ অসম গঢ়োতা চাওলুং ছ্যুকাফা আৰু স্বৰ্গদেউ গদাপানিক অপমান কৰি কবিতা ৰচনা কৰা কবি নীলিম কুমাৰক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদে। চাওলুং ছ্যুকাফাক ভগা চিটি বাছৰ চালক আৰু গদাপাণিক সেই বাছৰ হেণ্ডিমেন বুলি আখ্যা দি কবিজনে ৰচনা কৰা এটা কবিতা ৰাজ্যৰ এখন আগশাৰীৰ পষেকীয়া আলোচনীত প্ৰকাশ পাইছে। "এখন অসুস্থ চিটিবাছ" শীৰ্ষক কবিতাটোত তেওঁ চুক্যাফা আৰু গদাপাণিক ক্ৰমে ভগা চিটিবাছৰ চালক আৰু হেণ্ডিমেন আখ্যা দিছে। কবিতাৰে প্ৰায়ে অহেতুক বিৰ্তকৰ সূচনা কৰি অহা নীলিম কুমাৰৰ এই কবিতাকলৈ সৰব হৈ উঠিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱি আৰু আলফা ৷

কবি নীলিম কুমাৰৰ বিৰুদ্ধে গৰজি উঠিছে টাই আহোম যুৱ পৰিষদ। সংগঠনটোৱে নীলিম কুমাৰৰ বিৰুদ্ধে ৰাজ্যৰ আৰক্ষী থানাই থানাই গোচৰ ৰুজু কৰিব বুলি ঘোষণা কৰিছে। একেদৰে আলোচনাপন্থী আলফা নেতা মৃণাল হাজৰিকাই কবি নীলিম কুমাৰৰ এই কবিতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই সন্দৰ্ভত তেওঁ কয়, 'নীলিম কুমাৰ এজন ভাল কবি বুলি জানো, কিন্তু এই কবিতাত অসম আৰু অসমীয়া জাতিৰ জনক চ্যুকাফাক কি উদ্দেশ্যত উল্লেখ কৰা হৈছে? এই সম্পৰ্কত অসমৰ ৰাইজক আপুনি স্পষ্টীকৰণ দিব লাগিব৷'