শীৰ্ষ বাতৰি

সেউজ ভূমিৰ দ্ৰুত হ্ৰাসঃ মানুহৰ স্বাস্থ্যৰ প্ৰতি সংশয় বৃদ্ধি ভাৰতত

Sentinel Digital Desk

সেউজ ভূমিৰ দ্ৰুত হ্ৰাসঃ স্বাস্থ্যৰ প্ৰতি সংশয় বৃদ্ধি ভাৰতত

দ্ৰুত ঔদ্যোগিকৰণৰ পৰিপ্ৰেক্ষিতত ভাৰতত দ্ৰুত হাৰত হ্ৰাস পাইছে বনাঞ্চল বা সেউজ ভূমি। ইয়ে স্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে। সেউজ ভূমি দ্ৰুত হাৰত সংকোচিত হোৱাত স্বাস্থ্যৰ প্ৰতি কেনে আশংকাৰ সৃষ্টি হৈছে সেয়া প্ৰকাশ পাইছে স্পেইনৰ বাৰ্চিলোনা ইনষ্টিটিউট অৱ গ্লেবল হেলথৰ এক প্ৰতিবেদনত। এই সম্পৰ্কত প্ৰতিষ্ঠানখনৰ গৱেষকে কয় যে সেউজ ভূমিৰ দ্ৰুত হ্ৰাসে ভাৰতত মানুহৰ স্বাস্থ্যৰ প্ৰতি প্ৰচণ্ড ভাবুকিৰ সৃষ্টি কৰিছে।