শীৰ্ষ বাতৰি

ডিফু মেডিকেল কলেজক ক'ৰ'নাৰ সংক্ৰমণ পৰীক্ষণৰ পৰীক্ষাগাৰৰূপে স্বীকৃতি

ইয়াৰ লগে লগে অসমৰ আটাইকেইখন তথা সাত মেডিকেল কলেজেই ক’ৰ’নাৰ নমুনা পৰীক্ষণ পৰীক্ষাগাৰত পৰিণত হ’ল

Sentinel Digital Desk

ডিফু মেডিকেল কলেজক ক'ৰ'নাৰ সংক্ৰমণ পৰীক্ষণৰ পৰীক্ষাগাৰৰূপে স্বীকৃতি

ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ সংখ্যা দ্ৰুততৰে বৃদ্ধি পোৱাৰ সময়তে এক স্বস্তিৰ বতৰা! ভাৰতীয় মেডিকেল গৱেষণা পৰিষদ(আই চি এম আৰ)-এ ডিফু মেডিকেল কলেজক ক'ৰ'নাৰ সংক্ৰমণ ধৰা পেলোৱাৰ বাবে নমুনা পৰীক্ষণৰ পৰীক্ষাগাৰৰূপে স্বীকৃতি প্ৰদান কৰিছে। আজি কিছু সময়ৰ পূৰ্বে এই কথা প্ৰকাশ কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, " সুখী অনুভৱ কৰিছো যে নতুন দিল্লীস্থিত আই চি এম আৰে ডিফু মেডিকেল কলেজক ক'ৰ'নাৰ সংক্ৰমণ ধৰা নমুনা পৰীক্ষণ পৰীক্ষাগাৰৰূপে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে অসমৰ আটাইকেইখন তথা সাত মেডিকেল কলেজেই ক'ৰ'নাৰ নমুনা পৰীক্ষণ পৰীক্ষাগাৰত পৰিণত হ'ল"। আনহাতে, স্বাস্থ্য বিভাগৰ এক তথ্য অনুসৰি অসমত যোৱা ৭ জুনলৈকে ১,৫৩, ৩২৬টা ক'ৰ'নাৰ নমুনা পৰীক্ষণ সম্পন্ন কৰা হৈছে। বিমানকোঠত ৬৪,১৪৫ যাত্ৰীৰ পৰীক্ষণ কৰা হৈছে। তদুপৰি ৰাজ্যৰ বিভিন্ন স্থানত ৫, ৮০,১৭৮জন ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ইপিনে, গুৰুতৰভাবে আক্ৰান্ত ৰোগীক চিকিত্সাৰ বাবে ব্যৱস্থা কৰা বিছনাৰ সংখ্যা কিছুদিন আগলৈকে ৩,৩৩৮ খন আছিল। ইয়াৰ উপৰি চৰকাৰী হাস্পতালত ৫৯৫টা জৰুৰী কালীন কক্ষ(আই চি ইউ)ৰ ব্যৱস্থা আছে। বেচৰকাৰী হাস্পতালসমূহত ৩৮৯টা ভেণ্টিলেটৰ আছে।