শীৰ্ষ বাতৰি

দুৰ্গাপূজাৰ পূৰ্বে চাহ শ্ৰমিকক বোনাচ আদায়ৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ

Sentinel Digital Desk

আগন্তুক দুৰ্গাপূজাৰ পূৰ্বেই চাহ শ্ৰমিকসকলক বোনাচ আদায় দিয়াতো নিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দেশ জাৰি কৰিছে ৷ ৰাজ্য চৰকাৰে সকলো জিলা উপায়ুক্তলৈ এই সংক্ৰান্তীয় এক নিৰ্দেশনা জাৰি কৰিছে ৷ এই নিৰ্দেশনাত উপায়ুক্তসকলক অহা ১২অক্টোবৰৰ ভিতৰত বাগিচা শ্ৰমিকসকলে পূজাৰ বোনাচ লাভ কৰাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে ৷ উল্লেখ্য যে অসমত ৮৫০খন চাহ বাগিচা আছে ৷ বোনাচ আদায় আইন (২০১৫ৰ সংশোধনী)অনুসৰি শ্ৰমিকক বাৰ্ষিক আয়ৰ ন্যূনতম ৮.৩৩ শতাংশৰ পৰা সৰ্বোচ্চ ২০শতাংশ বোনাচ আদায় দিব লাগে ৷

যোৱা ২৩ছেপ্টেম্বৰত ৰাজ্যৰ শ্ৰমিক কল্যাণ বিভাগে জাৰি কৰা এক নিৰ্দেশনাৰ জৰিয়তে উপায়ুক্তসকলক কোৱা হৈছে, " বোনাচক আদায় দিয়াটোৱে ঔদ্যোগিক খণ্ড বিশেষকৈ চাহ উদ্যোগৰ ক্ষেত্ৰত নিয়োগকৰ্তা আৰু শ্ৰমিকৰ মাজত গুৰুতৰ প্ৰভাব পেলায় ৷ যদিও বাগিচা শ্ৰমিকক বিত্তীয় বৰ্ষ অন্ত পৰাৰ আঠ মাহ পূৰ্বে বোনাচ আদায় দিয়াটো আইনগত নিয়ম ৷ তথাপি অসমত পৰম্পৰাগতভাবে দুৰ্গাপূজাৰ প্ৰাকক্ষণত চাহ শ্ৰমিকসকলক বোনাচ আদায় দিয়া হয় ৷ যিহেতু আগন্তুক অক্টোবৰৰ চতুৰ্থ সপ্তাহত দুৰ্গাপূজা পালন কৰা হ'ব ৷ গতিকে ৩০ ছেপ্টেম্বৰৰ ভিতৰত বাগিচা ব্যবস্থাপনা কৰ্তৃপক্ষসমূহক বোনাচৰ হিচাপ-নিকাচ প্ৰস্তুত কৰাটো নিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে ৷"

এইবাৰ বোনাচ আদায়ৰ ক্ষেত্ৰত চাহ বাগিচা পৰিচালনা কৰ্তৃপক্ষ আৰু চাহ সংস্থাসমূহক উপায়ুক্তসকলে সহযোগ কৰিব ৷