শীৰ্ষ বাতৰি

আৰু আঠজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৩০জনলৈ বৃদ্ধি

Sentinel Digital Desk

আৰু আঠজন পজিটিভ চিনাক্তঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২৩০জনলৈ বৃদ্ধি

অসমৰ ক'ৰ'না মহামাৰীজনিত পৰিস্থিতি অধিক উদ্বেগজনক হৈ পৰিছে৷ শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ সংখ্যা সম্প্ৰতি ২৩০জনলৈ বৃদ্ধি পাইছে ৷ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা অনুসৰি আজি বিয়লি নতুনকৈ আঠজন লোকৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ আটাইকেইজন কোৱাৰেণ্টিন চেণ্টাৰত আছে ৷ সম্প্ৰতি ৰাজ্যত ক'ৰ'না ভাইৰাছ সক্ৰিয় হৈ থকা লোকৰ সংখ্যা ১৬৯ জনলৈ বৃদ্ধি পাইছে ।৪৮জনে সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ গৈছে ৷ স্বাস্থ্য মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি এই আঠজন ক'ৱিড আক্ৰান্তৰ এজন গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত, এজন শিলচৰ মেডিকেল কলেজ হাস্পতালত আৰু আন ছজন কাচাৰৰ৷