শীৰ্ষ বাতৰি

অধিক জটিল প্ৰাক্তন ৰাষ্ট্ৰপতি মুখাৰ্জীৰ অৱস্থা

Sentinel Digital Desk

ক্ৰমাত অধিক জটিল হৈছে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীৰ অৱস্থা। অসুস্থতাৰ পৰিপ্ৰেক্ষিতত চিকিত্সাধীন হোৱা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক সম্প্ৰতি জীৱনদায়িনী ব্যৱস্থা( লাইফ ছাপ'ৰ্ট)-ত ৰখা হৈছে। তেওঁ নতুন দিল্লীৰ সেনা হাস্পতালত চিকিত্সাধীন হৈ আছে। হাস্পতাল সূত্ৰই প্ৰকাশ কৰা অনুসৰি প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা অতি জটিল। ইতিমধ্যে তেওঁৰ এক অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। সম্প্ৰতি তেওঁ ভেণ্টিলেচনত আছে।

ইয়াৰ পূৰ্বে কালি তেওঁ প্ৰকাশ কৰে যে তেওঁ ক'ৰ'না পজিটিভ হৈছে। ইপিনে, প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে বিভিন্নজনে। সম্প্ৰতি ৮৪ বছৰীয়া প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ অৱস্থা হাস্পতালত উপস্থিত হৈ বুজ লৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁৰ আশু আৰোগ্য কামনা কৰি এটা টুইট কৰিছে।