শীৰ্ষ বাতৰি

অতিমাত্ৰা চৰ্দিয়ে মগজুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰেঃ স্বাস্থ্য বিশেষজ্ঞ

Sentinel Digital Desk

নতুন দিল্লীঃ উত্তৰ প্ৰদেশৰ কানপুৰত চলি থকা শীতৰ মাজতে মগজুৰ ষ্ট্ৰোক আৰু মগজুৰ ৰক্তক্ষৰণৰ সংখ্যা বৃদ্ধি পোৱাৰ বাতৰি লাভ কৰা হৈছে। ছাৰ গংগা ৰাম চিকিৎসালয়ৰ এগৰাকী জ্যেষ্ঠ স্নায়ু বিশেষজ্ঞই কয় যে শীতকালত উচ্চ ৰক্তচাপ সাধাৰণ আৰু ইয়াৰ ফলত কেতিয়াবা হয় মগজুৰ ষ্ট্ৰোক। এএনআইৰ সৈতে হোৱা কথা-বতৰাত ডাঃ চি এছ আগৰৱালাই কয়, "উচ্চ ৰক্তচাপ থকা ৰোগীৰ মগজুৰ ষ্ট্ৰোকৰ সম্ভাৱনা বেছি আৰু বছৰৰ এই সময়ত পাহাৰলৈ যোৱাসকলো অধিক উচ্চতাত অক্সিজেনৰ মাত্ৰা কমি যোৱাৰ বাবে বিপদত পৰে। য'ত বতাহ বিৰল হয়, সেই পাহাৰলৈ গ'লে মগজুৰ ষ্ট্ৰোকৰ আশংকা থাকে।বহু দিন ঘৰৰ ভিতৰত থাকিলেও মানসিক চাপ বৃদ্ধি পাব পাৰে আৰু আমাক মগজুৰ ষ্ট্ৰোকৰ আশংকাত পেলাব পাৰে , উষ্ণতা অত্যন্ত কম হোৱা ঠাইত অতিৰিক্ত সতৰ্কতামূলক পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে", তেওঁ কয়।ঠাণ্ডা বতৰত প্ৰায়ে ৰক্তচাপ বৃদ্ধি পায়। ইয়াৰ লগতে শীতকালত ঘামৰ অভাৱৰ বাবে শৰীৰত ছডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত ৰক্তচাপৰ মাত্ৰা বৃদ্ধি পায়", তেওঁ লগতে কয়।