শীৰ্ষ বাতৰি

৮০ ঘন্টীয়া শাসনৰ পৰা পদত্যাগ কৰিলে ফাড়নাবিছ আৰু অজিত পাৱাৰে

Sentinel Digital Desk

৮০ ঘন্টীয়া শাসনৰ পৰা পদত্যাগ কৰিলে ফাড়নাবিছ আৰু অজিত পাৱাৰে ।‌ ২৩ নৱেম্বৰ তাৰিখে ৰাতিপুৱা মাত্ৰ ৮০ ঘন্টাৰ পিছত মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীৰ চকী দখলৰ কৰি পদত্যাগ কৰিবলৈ বাধ্য হয় দেৱেন্দ্ৰ ফাড়নাবিছ আৰু অজিত পাৱাৰে । ২৭ তাৰিখ মঙ্গলবাৰে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে বুধবাৰে বিয়লি ৫ বজাত বিধানসভাত আস্থা ভোট সম্পন্ন হ'ব আৰু গোপন বেলেট যোগে হ'ব নোৱাৰিব আস্থা ভোট । লগতে টেলিভিছন যোগে পোনপটীয়া সম্প্ৰচাৰ হ'ব আস্থা ভোট ।

মঙ্গলবাৰে সন্ধিয়া হোৱা এক সংবাদ মেলত ফাড়নাবিছে কয় যে, অজিত পাৱাৰে ৰাতিপুৱা তেওঁৰ পদত্যাগ পত্ৰ ফাড়নাবিছৰ হাতত দিয়ে । অজিত পাৱাৰৰ পদত্যাগৰ পিছত তেওঁলোকৰ সংখ্যা গৰিষ্ঠতা নোহোৱা হ'ল । সংখ্যা গৰিষ্ঠতা নাই বাবে ফাড়নাবিছে পদত্যাগ কৰাৰ সিদ্ধান্ত লয় । লগতে মঙ্গলবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দিব বুলি কয় ফাড়নাবিছে ।

ফাড়নাবিছে মুখ্যমন্ত্ৰী হিচাপে সোমবাৰে ৰাতিপুৱা শাসনভাৰ গ্ৰহন কৰিছিল, কিন্তু অজিত পাৱাৰে শাসন ভাৰ গ্ৰহন‌ কৰা নাছিল আৰু মঙ্গলবাৰে মুখ্যমন্ত্ৰী ফাড়নাবিছৰ হাতত পদত্যাগ পত্ৰ দাখিলৰ সিদ্ধান্ত লৈছিল ।

তেওঁ কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে বিধানসভাত বিৰোধীৰ ভূমিকা পালন কৰি যাব ।ফাড়নাবিছে তেওঁক ৫ বছৰীয়া মুখ্যমন্ত্ৰী কাৰ্যভাৰ গ্ৰহনৰ সুযোগ দিয়াৰ বাবে মহাৰাষ্ট্ৰৰ জনসাধৰণ , প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বি জে পি‌ সভাপতি তথা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

উচ্চতম ন্যায়ালয়ৰ আদেশৰ পিছতেই দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহ মন্ত্ৰী তথা বি জে পিৰ সভাপতি অমিত শ্বাহ আৰু কাৰ্যকৰী সভাপতি জে পি নড্ডা এক বৈঠকত মিলিত হয় । ৩০ মিনিট ধৰি চলা এই বৈঠকত মহাৰাষ্ট্ৰ প্ৰসংগত আলোচনা হয় বুলি সূত্ৰই প্ৰকাশ কৰিছে ।

তদুপৰি বি জে পি‌ আৰু শিৱ সেনাই প্ৰাক নিৰ্বাচনী মিত্ৰতা কৰি নিৰ্বাচনত অনুষ্ঠিত হৈছিল কিন্তু মুখ্যমন্ত্ৰী মন্ত্ৰী কাৰ্যকালৰ আঢ়ৈ বছৰ বিছৰা পিছতেই দল দুটাৰ মাজত সংঘাতৰ সূত্ৰপাত হয়।