শীৰ্ষ বাতৰি

অসম চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড, ১২ টি শিশুক উদ্ধাৰ

Sentinel Digital Desk

 বুধবাৰে এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত। হস্পিটেল খনৰ শিশু বিশেষ কক্ষত ৰখা, পি এম - কেয়াৰ পুঁজিৰ দ্বাৰা লাভ কৰা ভেন্তিলেটৰত সংযোগ হয় এই অগ্নিকাণ্ড।

অৱশ্যে মানুহৰ কোনো ধৰণৰ ক্ষতি  হোৱা নাই এই দূৰ্ঘটনাত।

মহাবিদ্যালয় খনৰ অধ্যক্ষ প্ৰশান্ত দিহিঙ্গীয়াৰ তথ্য অনুসৰি শিশুৰ বিশেষ কক্ষত ৰখা ভেণ্টিলেটৰ সংযোগী এটি মনিটৰত সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ। অৱশ্যে কক্ষটোত ৰখা অগ্নি নিৰ্বাপক যন্ত্ৰৰ সহায়ত চিকিৎসালয় কৰ্মীয়ে তৎক্ষণাতে নুমুৱাবলৈ সক্ষম হয় এই জুই।

ডাঃ দিহিঙীয়াই প্ৰকাশ কৰা অনুসৰি কক্ষটোত ৬ মাহৰ পৰা ১০বছৰ বয়সৰ মুঠ ১২গৰাকী শিশু আছিল। সৌভাগ্য ক্ৰমে এই দূৰ্ঘটনাত কোনো আহত হোৱা নাই।

ইপিনে, সাৱধানতা অৱলম্বন কৰি কক্ষটোত ভৰ্তি সকলো ৰোগীক চিকিৎসালয়খনৰ আন কক্ষলৈ স্থানান্তৰ কৰা হ'ল।

"দুৰ্ঘটনা সংঘটিত হোৱা কক্ষটোত মুখ ৬টা ভেণ্টিলেটৰ আছে, তাৰে ২টা পি এম - কেয়াৰ পুঁজিৰ দ্বাৰা লাভ কৰা হৈছিল। এই পুঁজিৰ দ্বাৰা লাভ কৰা এটি ভেণ্টিলেটৰতে সংযোগ হৈছিল অগ্নিকাণ্ড", অধ্যক্ষ গৰাকীয়ে কয়। সংঘটিত হোৱা দুৰ্ঘটনা টোৰ সম্বন্ধত অধ্যক্ষ গৰাকীয়ে কয় যে, কক্ষটোত ৰখা চেন্তিলেটৰৰ কিবা বিজুতি আছিল নে, বিদ্যুতৰ কিবা বুজিটো ঘটিছিল এই বিষয়ে বৰ্তমান লৈকে জানিব পৰা হোৱা নাই।

বিদ্যুৎ বিভাগ আৰু অগ্নি বিভাগৰ কৰ্মী আহি ঘটনা স্থলীত উপস্থিত হৈয়ে এই বিষয়ে তদন্ত আৰম্ভ কৰে। ইতিমধ্যে চিকিৎসা মহাবিদ্যালয় খনতো নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে। অধ্যক্ষ গৰাকীয়ে জনাইছে যে তেওঁলোকে অসম চৰকাৰক মুকলিমূৰীয়াকৈ এই বিষয়ৰ ওপৰত অনুসন্ধান কৰিবলৈ আহ্বান জনাইছে, আৰু অতি সোনকালে সত্যৰ সদ্ভেদ পাব বুলি আশা প্ৰকাশ কৰিছে।