শীৰ্ষ বাতৰি

ডুবাইৰ পৰা গুৱাহাটীলৈ প্ৰথমখন প্ৰত্যক্ষ বিমানত আহিল ১৮৯ আবদ্ধ ভাৰতীয়

উত্তৰ-পূবৰ এই লোকসকলৰ প্ৰতি কাৰোৰে কাণসাৰ নাছিল।

Sentinel Digital Desk

তলাবন্ধৰ ফলত ডুবাইত আবদ্ধ হৈ পৰা ১৮৯ ভাৰতীয় অৱশেষত স্বদেশত উপস্থিত হ'ল। আজি ডুবাইৰ পৰা এখন বিমান পোনে পোনে গুৱাহাটীত উপস্থিত হয়। ফ্লাই ডুবাই সংস্থাৰ এই বিমানত ১৮৯জন লোক আহে। এই যাত্ৰীসকলৰ মাজত অসম, মণিপুৰ, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰামৰ লোক আছে। এই বিমান হৈছে ডুবাইৰ পৰা পোনপটীয়াকৈ গুৱাহাটীলৈ অহা প্ৰথমখন বিমান। ক'ৰ'না মহামাৰী প্ৰতিৰোধৰ বাবে ভাৰতে আন্তৰ্জাতিক সীমান্ত বন্ধ কৰি দিয়াৰ পাছত এইসকল লোক ডুবাইত আবদ্ধ হৈ পৰে। তেওঁলোক বিভিন্ন সূত্ৰে ডুবাইত আছিল।এই লোকসকলক গুৱাহাটীলৈ অনাত অন্যতম মূল ভূমিকা পালন কৰে সতগুৰু ট্ৰেভেল এণ্ড টুৰিজম শীৰ্ষক সংস্থাৰ জ্যেষ্ঠ ছেলছ এক্সিকিুটিভ গৌৰৱ কেশৱানিয়ে। এই সম্পৰ্কত কেশৱানিয়ে কয়, " উত্তৰ-পূবৰ এই লোকসকলৰ প্ৰতি কাৰোৰে কাণসাৰ নাছিল। গতিকে আমি এইসকলক গুৱাহাটীলৈ অনাৰ ব্যৱস্থা কৰো"। ইয়াৰ একোটা টিকতৰ বাবদ এজন যাত্ৰীয়ে ৩০,৫০০ টকা ভৰিব লগা হয়।