শীৰ্ষ বাতৰি

প্ৰথমবাৰৰ বাবে বিদ্যুৎ সংযোগী যাত্ৰীবাহী ৰেল চলিল অসমলৈ

Sentinel Digital Desk

কালি শুকুৰবাৰে দিনৰ ১:৩০বজাত দিল্লী-কামাখ্যা (ব্ৰহ্মপুত্ৰ) মেইল আহি কামাখ্যা ষ্টেচনত সোমোৱাৰ লগে লগে সৃষ্টি হয় এক নতুন ইতিহাসৰ। এই ৰেলৰ আগমনৰ লগে লগে অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত পোনপ্ৰথমবাৰৰ বাবে চলিল প্ৰথমখন বিদ্যুৎচালিত যাত্ৰীবাহী ৰেল। 

উত্তৰ- পূৰ্বাঞ্চল ৰেল যাতায়তক বিদ্যুতৰ যোগান ধৰাৰ পাছতে এই বিকল্প সেউজ যাতায়তৰ দিশে এটি অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। যোৱা বৃহস্পতিবাৰে কামাখ্যা জংচন অভিমুখী কৰা হৈছিল প্ৰথমখন এনে মালবাহী ট্ৰেইন ।

উত্তৰ পূৰ্বাঞ্চল ৰেইলৱেৰ মুখ্য  জনসম্পৰ্কৰক্ষী বিষয়া গুণীত কৌৰে প্ৰকাশ কৰা মতে, দিল্লী-কামাখ্যা (ব্ৰহ্মপুত্ৰ) মেইলক আজি বিয়লি ২:৩০বজাৰ লগে-লগেই, বিদ্যুৎ সংযোগ দ্বাৰাই কামাখ্যাৰ পৰাই দিল্লী অভিমুখী কৰা হ'ব।

"কালি কামাখ্যা জংচন অভিমুখী কৰা প্ৰথমখন মালবাহী ট্ৰেইনৰ সফলতাৰ পাছতেই দিল্লী-কামাখ্যা (ব্ৰহ্মপুত্ৰ) মেইল হৈছে প্ৰথমবাৰৰ বাবে চলিত হোৱা বিদ্যুৎ সংযোগী পেছেঞ্জাৰ ট্ৰেইন। উত্তৰ পূৰ্বাঞ্চল ৰেইলৱেৰ বাবে ই এক নতুন অধ্যায়" - নিজৰ ভাষ্যত এই কথা প্ৰকাশ কৰে কৌৰে।

বৰ্তমান সময়লৈকে কাটিহাৰ আৰু মালদাৰ পৰা নতুন কোচবিহাৰ লৈকে বিদ্যুৎ সংযোগী ট্ৰেইন অনা হৈছিল। যাৰ বৈদ্যুতিক ইঞ্জিন সলাই, ডিজেল ইঞ্জিন সংযোগ কৰি, পৰবৰ্তী যাত্ৰা অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চল লৈকে অব্যাহত কৰা হৈছিল।

"যিহেতু এতিয়া ৰেইলৱেত বিদ্যুৎ সংযোগৰ কাম সফলভাৱে সমাপন কৰা হৈছে, ট্ৰেইন সমূহ পোনপটীয়াকৈ কামাখ্যা লৈকে আহি উপস্থিত হ'ব। সেই অনুসৰি দিল্লীৰ পৰা পোনপটীয়াকৈ বিদ্যুতিক ভাৱে ট্ৰেইন সমূহ আহি উপস্থিত হ'ব কামাখ্যা জংচনত" - এনেদৰে কয়  কৌৰে।